চিমেণ্ট কোম্পানীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কিহৰ দৰদ? সোণাপুৰৰ বেল্টত থকা চিমেণ্ট কোম্পানীসমূহক উচ্ছেদ কৰিবনে?

গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ উচ্ছেদৰ নামত চৰকাৰে খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি লোৱাৰ অভিযোগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছে আজি ট্ৰাইবেল বেল্টসমূহৰ পৰা সকলো অবৈধ বেদখল উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰে। ষ্টাৰ চিমেণ্ট, পূৰ্বাঞ্চল চিমেণ্ট আৰু ছুপাৰ লাইট চিমেণ্ট কোম্পানীৰ লগতে শেহতীয়া তাজ চিমেণ্টে সোণাপুৰৰ ট্ৰাইবেল বেল্ট বেদখল কৰি আছে যদিও উচ্ছেদৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি অভিযোগ কৰি কয় যে এই চিমেণ্ট কোম্পানীসমূহে সোণাপুৰৰ জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰিছে আৰু ষ্টাৰ চিমেণ্ট নামৰ কোম্পানীটোৱে নিজৰ কাৰখানা সম্প্ৰসাৰণৰ বাবে পবিতৰাক অভয়াৰণ্যৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈকো আবেদন জনাইছে। শেষত উচ্চতম ন্যায়ালয়ৰ ধমক খাবলগীয়া হ’ল ষ্টাৰ চিমেণ্ট নামৰ কোম্পানীটোৱে। লক্ষণীয়ভাৱে প্ৰদূষণ আৰু লুণ্ঠননেৰে অসমক শোষণ কৰি থকা ষ্টাৰ চিমেণ্ট বাহিনীয়ে অসমলৈ এটকাও ৰাজহ নিদি কলকাতাত মুখ্য কাৰ্যালয় স্থাপন কৰা ষ্টাৰ চিমেণ্টৰ অসম বিৰোধী কাৰ্যকলাপৰ এখন দীঘলীয়া তালিকাও আজি প্ৰকাশ কৰে বৰাই। উল্লেখ্য যে পূৰ্বাঞ্চ চিমেণ্ট আৰু ছুপাৰ লাইট চিমেণ্ট কোম্পানী দুটাই অনুজ্ঞাপত্ৰ ৰেভিনিউ বৰ্ডে নাকচ কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ লৈ এই কোম্পানীকেইটাই নিজৰ ব্যৱসায় অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ বাবে বিগত দুবছৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও বৰাই প্ৰশ্ন কৰে। দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অনিয়মৰে ৰাজত্ব চলোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে সোণাৰিত বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মীক দুৰ্নীতিত অভিযুক্ত কৰি আত্মহনন কৰিবলৈ বাধ্য কৰোৱা হ’ল। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই পৰিয়ালটোৰ মুখামুখি হ’বলৈ সাহস নকৰিলে। সচিবালয়ত মন্ত্ৰীৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতিৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া দুৰ্নীতিৰ চৰ্দাৰ হৈ পৰিছে। ষ্টাৰ চিমেণ্টৰ কেলেংকাৰিৰ তথ্য প্ৰকাশ কৰি বৰাই কয়—

* ২০১৩ চনত স্থাপিত সোণাপুৰ উদ্যোগৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছে ২০ লাখ টন। ইয়াৰ উপৰিও মেঘালয়ৰ লুমছনঙত ২০০ হেক্টৰ ভূমি সামৰি ১৬.৭ মিলিয়ন টন ক্ষমতাসম্পন্ন এটা কাৰখানা আছে।

* ২০০১ চনত মেঘালয়ত ষ্টাৰ চিমেণ্ট আৰম্ভ হৈছিল। সকলো কাৰখানা অসম আৰু মেঘালয়ত অৱস্থিত হোৱাৰ বিপৰীতে অসমৰ সোণাপুৰত আছে সৰ্ববৃহৎ কাৰখানাটো। অৱশ্যে ষ্টাৰ চিমেণ্টৰ কৰ্পৰেট কাৰ্যালয়টো অৱস্থিত ‘সত্যম টাৱাৰছ’, ১ম মহলা, ইউনিট নং ৯বি, ৩, আলিপুৰ ৰোড, কলকাতা – ৭০০ ০২৭ ত। ষ্টাৰ চিমেণ্টৰ কাৰখানাই অসমৰ মাটি প্ৰদূষিত কৰিছে ঠিকেই, কিন্তু তেওঁলোকে অসমত এছ জি এছ টি নিদিয়ে।

* ২০২৩ চনৰ ডিচেম্বৰ মাহত চি আৰ আই আই এল ৰেটিংছৰ ফাইলিঙৰ মতে, ষ্টাৰ চিমেণ্টে সোণাপুৰ উদ্যোগত অতিৰিক্ত ২০ লাখ টন ক্ষমতা সংযোজন কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত বৰ্তমানৰ উদ্যোগটো দুগুণ বিশাল হ’ব। এই প্ৰকল্পত বিনিয়োগ কৰা হ’ব ২৩০০ কোটি টকা!!!

* ২০২৫ চনত শিলচৰত এটা নতুন চিমেণ্ট প্লাণ্ট মুকলি কৰাৰ পৰিকল্পনা কৰিছে ষ্টাৰ চিমেণ্টে।

* তেওঁলোকৰ ব’ৰ্ড বা পৰিচালনা সমিতিত এজনো অসমীয়া, জনজাতীয় বা মেঘালয়ৰ স্থানীয় ব্যক্তি অন্তৰ্ভুক্ত নহয়। জনজাতীয় অঞ্চলৰ ৰাইজে পালে কি? এয়া উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি বৈষম্য। মূলতঃ উত্তৰ-পূর্বাঞ্চলৰ পৰাই তেওঁলোকে অসম আৰু মেঘালয়ৰ সম্পদ শোষণ কৰি লাভৱান হয়, কিন্তু স্থানীয় লোকক চাকৰি বা পৰিচালনাৰ পদৰ পৰা আঁতৰাই ৰাখে৷

* ষ্টাৰ চিমেণ্টৰ নগদ ধনৰ মজুত ২৩৭৬ কোটি টকা! প্ৰতি ত্ৰিমাসিকত কৰ আদায়ৰ পিছত তেওঁলোকে উপাৰ্জন কৰে ১০০ কোটি টকা। তেওঁলোকৰ ছেবি ফাইলিঙৰ মতে তেওঁলোকৰ গুৱাহাটী গ্ৰাইণ্ডিং ইউনিটৰ বাবেও কৰ ৰেহাই পায়। আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি অসম চৰকাৰে তেওঁলোকক কিয় কৰ ৰেহাই দিছে?

* ২০০৯ চনত যেতিয়া চিমেণ্ট কাৰখানাসমূহে পৰিৱেশ সম্পৰ্কীয় অনুমোদন পাইছিল, তেতিয়া আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে ডিফল্ট ১০ কিলোমিটাৰ সংৰক্ষিত এলেকা আছিল, যিটো সন্মানীয় উচ্চতম ন্যায়ালয়ৰ ০৪.১২.২০০৬ তাৰিখৰ আদেশ অনুসৰি নিৰ্ধাৰণ কৰা হৈছিল।

* অসমে ২১.০৩.২০১৬ পৰ্যন্ত আমচাং অভয়াৰণ্যক সংৰক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰাৰ প্ৰস্তাৱ দাখিল কৰা নাছিল, আৰু তেতিয়ালৈকে ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ সকলো কামৰ বাবে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিৰ অনুমোদনৰ প্ৰয়োজন হৈছিল।

* তিনিওটা উদ্যোগে এন বি ডব্লিউ এলৰ অনুমোদন লাভ নকৰাটো এক ধ্ৰুৱ সত্য কথা।

* আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষিত অঞ্চলৰ ভিতৰত অৱস্থিত হোৱা হেতুকে ২০১৩ চনত কংগ্ৰেছে ষ্টাৰ চিমেণ্টক তাত থকা ইউনিটটো বন্ধ কৰিবলৈ কৈছিল। এই উদ্যোগটো পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰতো পৰে। কিন্তু কংগ্ৰেছৰ চৰকাৰৰ সেই নিৰ্দেশ পিছত বিজেপি চৰকাৰে কাৰ্যকৰী নকৰিলে।

* যোৱা ২৭/০৯/২০১৯ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ত ষ্টাৰ চিমেণ্টৰ গোচৰৰ সিদ্ধান্ত ঘোষণা কৰা হয়। এই সময়ত কেন্দ্ৰ আৰু অসমত উভয়তে আছিল বিজেপি চৰকাৰ। ইয়াৰ পিছতে ষ্টাৰ চিমেণ্টে ২০১৯ চনৰ ২০ এপ্ৰিলত ৫০ লাখ টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰি মাত্ৰ তিনিদিন পিছত অৰ্থাৎ ২৩ এপ্ৰিলত বিজেপিক এই ধন প্ৰদান কৰে। এয়া কি দিয়া আৰু লোৱাৰ বিনিময় আছিল নেকি?

* প্ৰকল্প এলেকাৰ মাজেৰে বৈ যোৱা ডিগাৰু নদী ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰাৰ অভিযোগ উত্থাপন কৰি আহিছে চমতা পথাৰৰ স্থানীয় ৰাইজে। এই প্ৰকল্প এলেকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ১০ কিলোমিটাৰ আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ২০ কিলোমিটাৰৰ ভিতৰত পৰে। কিন্তু এই সন্দৰ্ভত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কিয় পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হোৱা নাই? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতকৈ পবিতৰা অভয়াৰণ্যত গঁড়ৰ সংখ্যা অধিক।

* ২০২৪ চনৰ জুন মাহত কচুতলি অঞ্চলৰ কপালকাটা গাঁৱৰ ৰাইজে এন জি টি আদালতত ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। প্ৰতিশোধস্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ্টাৰ চিমেণ্টৰ নিৰ্দেশত আৰম্ভ কৰে উচ্ছেদ অভিযান।

* একেটা চমতা পথাৰ এলেকাত ১ এম টি পি এ ক্ষমতাৰ নতুন চিমেণ্ট উদ্যোগ স্থাপনৰ অনুমতি দিয়া হৈছে মেছাৰ্ছ তাজ চিমেণ্টক। লক্ষণীয় যে, তাজ চিমেণ্টৰ স্বত্বাধিকাৰ হৈছে নিখিল মিট্টাল।

* স্থানীয় লোক বিশেষকৈ জনজাতীয় লোকৰ পৰা কোনো ধৰণৰ অনুমতি বা ৰাজহুৱা শুনানি গ্ৰহণ নকৰাকৈয়ে কাৰখানাসমূহ সম্প্ৰসাৰণ কৰিবলৈ দিয়া হৈছে। ইফালে পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ প্ৰতিবেদনো প্ৰস্তুত কৰা হোৱা নাই। এনে কাৰণতে এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ প্ৰশ্নৰ উত্থাপন হৈছে।

* ষ্টাৰ চিমেণ্ট সম্প্ৰসাৰণ প্ৰকল্পক পৰিৱেশ আৰু বন মন্ত্ৰালয়ে ফাইল নম্বৰ SEIAA.1995/2022/TOR/23/1969, তাৰিখ ০২.০৪.২০২২ৰ অধীনত পৰিৱেশ সম্পৰ্কীয় অনুমোদন প্ৰদান কৰিছে। জনজাতীয় অঞ্চলত অৱস্থিত এই প্ৰকল্পৰ মুঠ মাটিকালি ১২.৫৮ হেক্টৰ। এই প্ৰকল্পই কেনেকৈ অনুমোদন লাভ কৰিবলৈ সক্ষম হ’ল?

* বাফাৰ জ’নৰ তথ্য: ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ অধ্যয়ন ক্ষেত্ৰত মুঠ ৩৩,৫৩২.৩৪ হেক্টৰ মাটিৰ ভিতৰত নিৰ্মিত মাটি প্ৰায় ২,৭১০.৪২ হেক্টৰ (৮.০৮%), কৃষিভূমি প্ৰায় ১১,৫৬২.০১ হেক্টৰ (৩৪.৪৮%) বনাঞ্চল প্ৰায় ১৮,৭৬৭.২১ হেক্টৰ (৫৫.৯৭%) আৰু জলভাগৰ আয়তন প্ৰায় ৪৯২.৭১ হেক্টৰ (১.৪৭%)।

* প্ৰকল্পস্থলীৰ মাজেৰে উত্তৰ-পূব দিশলৈ বৈ যোৱা কাঠনি বিলখন পিছলৈ উত্তৰ দিশত ডিগাৰু নদীৰ সৈতে মিলিত হয়।

* আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত ৯১°৫৫′পূব দ্ৰাঘিমাংশ আৰু ২৬°১০′ উত্তৰ অক্ষাংশৰ ভৌগোলিক স্থানাংকৰ ভিতৰত অৱস্থিত। এই স্থানৰ পৰা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যলৈ দূৰত্ব ৫.৩১ কিলোমিটাৰ, আনহাতে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল (ইএছজেড)ৰ দূৰত্ব ৬.২৭ কিলোমিটাৰ। ইয়াৰ উপৰিও পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য এই স্থানৰ পৰা ১০.১৮ কিলোমিটাৰ দূৰত অৱস্থিত।

* ২০১১ চনৰ লোকপিয়ল অনুসৰি এই অঞ্চলৰ মুঠ জনসংখ্যা ১,২৪,১৫১ জন, য’ত ২৫,২২৭টা পৰিয়াল আছে।

উল্লেখ্য যে, গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত আজিৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গোপাল শৰ্মা, মুখপাত্ৰ ৰিতম সিং আৰু দীপজ্যোতি চহৰীয়াও উপস্থিত থাকে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…