গুৱাহাটীঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে এক জাননী জাৰি কৰি বিত্ত বিভাগক দিবলগীয়া ডাটা সময়মতে আপডেট কৰিবলৈ সকলো চৰকাৰী বিভাগৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে।
সকলো বিভাগৰ মুৰব্বীসকলে নিজ-নিজ বিভাগৰ কৰ্মচাৰীৰ কামৰ খাতিয়ান লৈ ফিন আছাম পৰ্টেলত এম্প্লয়ি চেল্ফ চাৰ্ভিছ ডাটা সময়মতে জমা দিবলৈ বাধ্যতামূলক কৰা হৈছে। সময়তে ডাটা আপডেট নকৰিলে ৩০ আগষ্টৰ পিছত তেনে কৰ্মচাৰীৰ দৰমহা বন্ধ কৰা হ’ব বুলিও সকিয়াই দিয়া হৈছে।