
গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ৮ ছেপ্টেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে৷ কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্ৰ-ছাত্ৰীসকলে৷ অনশনত বহা ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ পঢ়াৰ পৰিবেশ নথকা মহাবিদ্যালয়খনৰ অৰাজক পৰিস্থিতিক লৈ চিন্তিত ছাত্ৰ সমাজ৷ ছাত্ৰ জিৰণি কোঠা, প্ৰেক্ষাগৃহ, স্মাৰ্ট শ্ৰেণী কোঠা, স্মাৰ্ট বৰ্ড, ইণ্টাৰনেটৰ সুবিধা নথকাৰ অভিযোগ আনিছে প্ৰতিবাদত বহা ছাত্ৰ-ছাত্ৰীসকলে৷ ক্ৰীড়াৰ সামগ্ৰী দিয়া, খোৱা পানীৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰাৰ দাবী জনাই প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্ৰ-ছাত্ৰীসকলে৷ গুৱাহাটীৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত চাক্ষুস শিল্প শিক্ষাৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয়। চিবিচিএছৰ অন্তৰ্গত চাৰিবৰ্ষৰ ভিজুৱেল আৰ্টৰ স্নাতক, ফাইন আৰ্টৰ স্নাতক পাঠ্যক্ৰম থকা এইখন মহাবিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱ বুলি অভিযোগ আনে ছাত্ৰসমাজে। চাক্ষুস শিল্প শিক্ষা অসমৰ একমাত্ৰ মহাবিদ্যালয়খনত আজিলৈকে ছাত্ৰৰ বাবে সাধাৰণ ব্যৱস্থাখিনি কৰা নহ’ল বুলি আক্ষেপ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷ ৮ চেপ্টেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও চৰকাৰৰ কোনো প্ৰতিনিধিয়ে খবৰ লোৱা নাই৷ এই প্ৰতিবাদক সমৰ্থন কৰিছে এছ.এফ.আয়ে। ১২ চেপ্তেম্বৰত প্ৰতিবাদত এছএছআইৰ ৰাজ্যিক সদস্য ৰাজদ্বীপ মহন্ত উপস্থিত থাকে৷