
জনপ্ৰিয় ধাৰাবাহিক ‘জেতুকাৰ ৰং’সহ কেইবাখনো ধাৰাবাহিক আৰু নাটকত অভিনয় কৰা পাৰ্থ প্ৰতীম শৰ্মা উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত৷ ৰং চেনেলেত সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮.৩০ বজাত প্ৰচাৰিত ধাৰাবাহিক ‘জেতুকাৰ ৰং’ত অভিনয় কৰি ধাৰাবাহিত প্ৰিয় লোকৰ হৃদয় জয় কৰা পাৰ্থ প্ৰতীম শৰ্মাই সকলোতকৈ কঠিন ৰাজ্যিক নিযুক্তি পৰীক্ষা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ আজি ঘোষিত ফলাফল অনুসৰি অসম আৰক্ষী সেৱাত তালিকাৰ শীৰ্ষত আছে পাৰ্থ৷ ধাৰাবাহিকৰ অভিনেতা পাৰ্থ এতিয়া বাস্তৱত উচ্চপদস্থ আৰক্ষী বিষয়া হ’বলৈ গৈ আছে৷ পৰীক্ষা ফলাফল অনুসৰি আৰক্ষী সেৱাত শীৰ্ষ নম্বৰ লাভ কৰি তালিকাৰ প্ৰথম স্থানত আছে জনপ্ৰিয় অভিনেতাগৰাকী৷ অভিনয় জগতত ব্যস্ত থাকিও সময় উলিয়াই প্ৰায় দুটা বছৰে নিযুক্তি পৰীক্ষাৰ বাবে নিজকে সাজু কৰিছিল পাৰ্থই৷ আৰক্ষী সেৱাত প্ৰথম স্থানত পাৰ্থ প্ৰতিম শৰ্মা থকাৰ লগতে দ্বিতীয় স্থান আছে অন্বেষা দুৱৰা, তৃতীয় স্থানত আছে বিজয় আহমেদ, চতিৰ্থ স্থানত আছে নিলুপ্ত চহৰীয়া আৰু পঞ্চম স্থানত আছে সুনয়না সভাপণ্ডিৰ নাম।