
ভাৰতীয় জনতা পাৰ্টীৰ এজনো বিধায়ক নথকাৰ সময়ত অসমত দলটোৰ শ্ৰী বৃদ্ধিৰ বাবে আহোপুৰুষাৰ্থ কৰা প্ৰাক্তন ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ ভৰালীৰ দেহাৱসান ঘটে৷ দীৰ্ঘদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৰেকৃষ্ণ ভৰালীয়ে কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ মধুমেহ ৰোগত আক্ৰান্ত হৈ নেতাগৰাকীয়ে চিকিৎসাধীন হৈ আছিল। হৰেকৃষ্ণ ভড়ালীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৰাজ্যিক সভাপতি সভাপতি দিলীপ শইকীয়াই৷ দলৰ বাবে বৃহৎ ক্ষতি বুলি কয় দিলীপ শইকীয়াই। আজি পুৱাই চিকিৎসালয়ৰ পৰা নশ্বৰদেহ ৰাজ্যিক বিজেপিৰ বশিষ্ঠৰ কাৰ্যালয়লৈ নিয়া হয়৷ কাৰ্যালয়ত দিলীপ শইকীয়াৰ লগতে কেবাগৰাকী নেতাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ চিৰ শান্তি কামনা কৰে। ভাৰতীয় জনতা পাৰ্টিৰ মহীৰূহস্বৰূপ, বিশেষকৈ জৰুৰীকালীন অৱস্থাত নিজকে গণতন্ত্ৰ ৰক্ষাৰ হকে সমৰ্পিত কৰা দলৰ এগৰাকী অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা হৰেকৃষ্ণ ভৰালীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে৷