জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ দেহাৱসান, শোকৰ ছাঁ

বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি তথা বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ আজি বিয়োগ ঘটে। বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত জয়ন্ত দাসে ইহলীলা সম্বৰণ কৰে। সমাজসেৱী তথা সাংবাদিক জয়ন্ত দাস দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। এসময়ৰ বজালী কলেজৰ অত্যন্ত মেধা সম্পন্ন ছাত্ৰ আছিল জয়ন্ত দাস। অসম সাহিত্য সভাৰ মিডিয়া কোষৰ দায়িত্ববাহী, বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক, নাট্য সন্মীলনৰ বৰপেটাৰোড শাখাৰ সভাপতি, বৰপেটাৰোড ৰাস মহোৎসৱ উদযাপন সমিতিকে ধৰি বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল সাংবাদিক দাস। উচ্চ শিক্ষা বজালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি পিছত অসম বয়ন শিল্প প্ৰতিষ্ঠানৰ পৰা কাৰিকৰী শিক্ষা সাং কৰি সুদুৰ মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ যত্ন কৰিছিল। দাসৰ মৃত্যুত সমগ্ৰ বৰপেটা জিলাৰ লগতে ৰাজ্যখনত শোকৰ ছাঁ পৰে। বিভিন্ন দল-সংগঠন শোক প্ৰকাশ কৰিছে।

বজালী কলেজৰ ১৯৮৫ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা গঠন কৰি নিজে সম্পাদকৰ দায়িত্ব লৈ কেইবাবাৰ মিলন সমাৰোহ অনুষ্ঠিত কৰিছে। এক গধুৰ দায়িত্ব কান্ধ পাতি লৈ সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল।  স্বাধীনচেতীয়া মন এটা লৈ অসমলৈ উভটি আহি জে কে গাৰ্মেন্ট নামৰ এটি বস্ত্ৰ উদ্যোগ গঢ়ি তুলিছিল যদিও প্ৰতিযোগিতামুলক বজাৰত নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। বিকল্প পথৰ সন্ধানেৰে নিজক সংবাদ সেৱাত নিয়োজিত কৰি এক নতুন পৰিচয়ৰে আগবাঢ়ি গৈছিল। জীৱনৰ বহু ঘাট-প্ৰতিঘা নেওচি সামজিক কামত নিজৰ সক্ৰিয়তাৰে এক নতুন পৰিচয় দিবলৈ সক্ষম হৈছিল।

Related Posts

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ