

বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ তৃতীয়টো দিনটোত অগপৰ বিধায়ক পোনাকণ বৰুৱাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান সংৰক্ষণক লৈ প্ৰশ্ন কৰে৷ প্ৰশ্নোত্তৰ শিতানত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই ‘জ্যোতিতীৰ্থ’ৰ সংৰক্ষণ আৰু সংবর্ধণ সন্দৰ্ভত প্ৰশ্ন কৰে। চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত তামোলবাৰী চাহ বাগিচাস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ‘জ্যোতি তীৰ্থৰ’ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা, পর্যটন আৰু কলা-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বুলি বিধায়ক পোনাকণ বৰুৱাই সদন সোধা প্ৰশ্নৰ উত্তৰ দিয়ে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই৷ জ্যোতি তীৰ্থৰ সংৰক্ষণ, সংবৰ্দ্ধনৰ বাবে বৰ্তমানলৈকে কোনো পদক্ষেপ গ্রহণ কৰা হোৱা নাই যদিও আগন্তুক দিনত প্রয়োজনীয় পুঁজিৰ অনুমোদন দিয়াৰ কথা ব্যক্ত কৰে বিভাগীয় মন্ত্ৰীয়ে৷ অসম চৰকাৰৰ পর্যটন বিভাগ আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া আলাপ-আলোচনাৰ মাজেৰে পৰ্যটন আৰু কলা-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। ডিব্ৰুগড়বাসীয়ে দীৰ্ঘকাল উত্থাপন কৰি অহা দাবী পূৰণ হলে ডিব্ৰুগড়বাসীৰ এক ডাঙৰ সপোন পূৰণ হ’ব বুলি কয় বিধায়ক বৰুৱাই৷