টেষ্ট ক্ৰিকেটে স্থিৰতা দিছে আৰু জীৱনৰ বাবে অমূল্য শিক্ষা দিলে

মই প্ৰথমবাৰলৈ টেষ্ট ক্ৰিকেটত ব্লু পিন্ধি দললৈ আহিছিলো৷ তাৰ ১৪ বছৰ পাৰ হৈ গ’ল। সত্য কথা যে মই কেতিয়াও কল্পনা কৰা নাছিলো যে এই ফৰ্মেটত মোক এনে যাত্ৰালৈ লৈ যাব। ইয়ে মোক পৰীক্ষা লৈছে, গঢ়িছে, স্থিৰতা দিছে আৰু জীৱনৰ বাবে অমূল্য শিক্ষা দিছে। এয়া আছিল বৰ্তমান সময়ৰ অন্যতম সৰ্বশ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলীৰ এটা সামাজিক মাধ্যমত দিয়া এটা পোষ্ট৷ ১৪ বছৰীয়া বৰ্ণিল টেষ্ট যাত্ৰাৰ অন্ত পেলাই আজি টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছ বিৰাট কোহলীয়ে৷ বিৰাটে তেওঁৰ অৱসৰৰ ঘোষণা ইনষ্টাগ্ৰামত কৰিছে। কোহলীয়ে ইয়াৰ পূৰ্বে টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লৈছিল। যদিও তেওঁ একদিনীয়া ক্ৰিকেট খেলি যাব। বিৰাট কোহলীৰ টেষ্ট ক্ৰিকেটৰ যাত্ৰা ১৪ বছৰ দীঘলীয়া যাত্ৰাৰ সময়চোৱাত তেওঁ ১২৩ টেষ্ট মেচ খেলিছে। ১২৩টা টেষ্টৰ ২১০টা ইনিংছত তেওঁ ৩০টা শ্বতক আৰু ৩১টা অৰ্ধশতকৰ জৰিয়তে ৪৬.৮৫ গড়ে ৯২৩০ ৰাণ কৰি অভিলেখ গঢ়িছে৷ বগা জাৰ্চীত খেলাৰ এক অন্যান্য অনুভৱ থাকে। সেই নীৰৱ কষ্ট, দীঘলীয়া দিনবোৰ আৰু সেই ক্ষুদ্ৰ মুহূর্তবোৰ যাক কোনোবাই নেদেখে৷ কিন্তু সেইবোৰ হৃদয়ত সদায় থাকি যায়। বিৰাটে আৰু কয় যে এই ফৰ্মেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তটো লোৱাটো সহজ নহয় যদিও, কিন্তু মোৰ সিদ্ধান্ত ল’ব লগা হৈছে। মই খেলত মোৰ সমস্ত দিছো আৰু ইয়াত পৰিৱৰ্তে যি পালো, সেয়া মোৰ কল্পনাৰ বাহিৰত। কোহলীয়ে তেওঁৰ অনুৰাগী আৰু দৰ্শকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে মই টেষ্ট ক্ৰিকেটৰ পৰা সম্পূৰ্ণ কৃতজ্ঞতাৰে বিদায় লৈছো৷ এই খেলৰ বাবে সকলো সংগীৰ সহায় পাইছিলো৷ এই যাত্ৰাই মোক অনুভৱ কৰাইছে যে মোৰ টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰ সদায় এটি হাঁহি মনেৰে মনত ৰাখিম। যোৱা বছৰৰ জুনত টি২০ বিশ্বকাপ জিকাৰ পিছতেই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। কিছুদিন পূৰ্বে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল আৰু তাৰ কিছুদিন পিছতে কোহলীৰ এই সিদ্ধান্ত লয়। ইংলেণ্ডত হোৱা ৫ টেষ্ট মেচৰ ছিৰিজত দুজন জ্যেষ্ঠ ক্ৰিকেটাৰৰ অনুপস্থিত থাকিব। ইংলেণ্ডত ২০১৪ চনৰ টেষ্ট ছিৰিজত কোহলীৰ বিপৰ্যয়ই তেওঁক ‘বিৰাট’ হোৱাত সহায় কৰিছিল। তেতিয়ালৈকে তেওঁ অষ্ট্ৰেলিয়াৰ এডিলেইড, নিউজিলেণ্ডৰ বেছিন ৰিজাৰ্ভ আৰু দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত শ্বতক কৰি কৰিছিল। তেওঁক ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা হিচাপে গণ্য কৰা হৈছিল। তেতিয়া ২৪ টেষ্ট খেলিকোহলী প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ মাটিত খেলিছিল৷ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাৰ দ্ৰুত গতিৰ পিচত সফল হোৱা কোহলীয়ে ইংলেণ্ডৰ বলাৰ জেমছ এণ্ডাৰচনৰ বিপক্ষে খেলিছিল। ইংলিছ সংবাদ মাধ্যমত তেওঁৰ তীব্ৰ সমালোচনা হৈছিল, তেওঁলোকে কৈছিল যে ঘৰুৱা পিচত সকলো বেটছমেন সিংহ হয়, কিন্তু যিয়ে সকলো ধৰণৰ পিচত সফল হ’ব পাৰে, সিগৰাকী হৈছে মহান বেটছমেন।” তেওঁ ৫ টা টেষ্টত ১০ ইনিংছত (১, ৮, ২৫, ০, ৩৯, ২৮, ০, ৭, ৬, ২০) মুঠ ১৩৪ ৰাণহে কৰিছিল। তাৰ পিছতে কোহলীয়ে নিজৰ বেটিং টেকনিক উন্নত কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ শচীন টেণ্ডুলকাৰৰ পৰামৰ্শ লৈছিল। এফালে তেওঁৰ সমালোচনা চলি আছিল, আনফালে তেওঁ কঠোৰ অনুশীলনত ব্যস্ত আছিল। শচীনৰ দৰে একাগ্ৰতা, ফিটনেছ বিচাৰিছিল যাতে উচেইন ব’ল্টকো প্ৰত্যাহ্বান জনাব পাৰে। কোহলীয়ে নিজত বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমক নিজৰ ক্ৰিকেট মন্ত্র কৰি ল’লে। ইপিনে তেওঁ ক্ৰিকেটৰ তিনিও ফৰ্মেটত আগবাঢ়ি থাকিল। ৰানৰ বন্যা চলিল। তেওঁক ‘চেইজ মাষ্টাৰ’ বুলি আখ্যা দিয়া হ’ল। ইংলেণ্ডৰ বিপক্ষে ব্যৰ্থতাৰ পাছত তেওঁ নৱেম্বৰৰ পৰা চাৰিমাহ নেটত কঠোৰ অনুশীলন চলাই থাকিল আৰু ফল পাইছিল সেই বছৰৰ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত। এডিলেইডত প্ৰথম টেষ্টত দুটা ইনিংছতে শ্বতক কৰিলে৷ তাৰ পাছত মেলবৰ্ণতো শতক মাৰিলে। ইয়াৰ পিছতেই মহেন্দ্ৰ সিং ধোনীৰ ঠাইত কোহলীক টেষ্ট অধিনায়ক বনোৱা হ’ল।

  • Related Posts

    ছয়গাঁৱত কুলসী নদীত জলবিদ্যুৎ প্ৰকল্পৰ স্থাপনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    দক্ষিণ কামৰূপৰ ছয়গাঁৱত আজি প্ৰস্তাৱিত ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কেইবা হাজাৰ স্থানীয় ৰাইজে প্ৰতিবাদ জনায়। কুলসী নদীত অসম-মেঘালয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হ’বলগা বান্ধৰ প্ৰস্তাৱৰ বিপক্ষে এই প্ৰতিবাদ…

    পৱন হাজৰিকা কাণ্ড, অনা অসমীয়া লবীৰ বিৰুদ্ধে সৰৱ আছু — ন্যায় বিচাৰিছে হুংকাৰ 

    গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ এজন খিলঞ্জীয়া যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে এই কাণ্ডক “অসমীয়াৰ ওপৰত অনা-অসমীয়া লবীৰ ষড়যন্ত্ৰ” বুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ