

ডিব্ৰুগড়তো নাগৰিক সমাজ গছ ৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে৷ আজি ডিব্ৰুগড়ত প্ৰকৃতি প্ৰেমি, দল-সংগঠনে গছ ৰক্ষাৰ বাবে আন্দোলন কৰে৷ হাতে হাতে বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন লোকে৷ ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীত প্ৰতিবাদী সমদল উলিয়াই ডিব্ৰুগড়ৰ সচেতন নাগৰিক, দল-সংগঠনে চাহ বাগিচা আৰু বাগিচাৰ গছ নাকাটিবলৈ দাবী জনাইছে৷ নাগৰিক সমাজে চাহ বাগিচা ধ্বংস কৰিব দিয়া নহ’ব বুলি বাৰে বাৰে হুংকাৰ দি আহিছে৷ তাৰ মাজতে আজি ডিব্ৰুগড়ত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ অতি চাহ বাগিচা ধ্বংস কৰিব দিয়া নহ’ব বুলি কৈ শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ প্ৰতিবাদত অংশ লোৱা কেবাগৰাকী জ্যেষ্ঠ নাগৰিকে কয় যে বাগিচাৰ চাহ গছ যে ধ্বংস হ’ব তেনে নহয়৷ চাহ গদছৰ মাজত শ-শ প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে৷ যদি সেইবোৰ ধ্বংস কৰি হাস্পতাল, হোটেল আদি নিৰ্মাণ কৰা হয় তেন্তে ডিব্ৰুগড়ৰ পৰিৱেশ অত্যন্ত বেয়া হ’ব বুলি দাবী কৰিছে প্ৰতিবাদকাৰীয়ে৷ চাহ বাগিচাৰ বাবে জনাজাত ডিব্ৰুগড় চহৰ৷ ডিব্ৰুগড় চহৰৰ জালান নগৰ টি ইষ্টেট প্ৰাইভেট লিমিটেডৰ দক্ষিণ জালান চাহ বাগিচা ধ্বংস কৰিব খোজা হৈছে৷ চাহ বাগিচাৰ ঠাইত অট্টালিকা নিৰ্মাণ কৰি অন্য ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে যো-জা চলাইছে জালান নগৰ টি ইষ্টেট প্ৰাইভেট লিমিটেড৷