
দখল যাৰ মাটিত তাৰ, প্ৰথমে আমাক মাটি দিয়ক-পিছত বণিক গোষ্ঠীক দিয়ক, মালিক পক্ষ হুঁচিয়াৰ, খিলঞ্জীয়াৰ মাটি উচ্ছেদ বন্ধ কৰক, তেজ দিম মাটি এৰি নিদিম আদি বেনাৰ পোষ্টাৰ হাতে হাতে লৈ জনজাতীয় আৱাল, বৃদ্ধি বণিতা ঘৰৰ পৰা ওলাই আহিছে৷ পুৱাৰে পৰা দূৰদূৰণিৰ গাঁৱৰ জনজাতীয় পুৰুষ-মহিলাই নিজৰ দখলৰ মাটি ৰক্ষা কৰিবলৈ একত্ৰিত হৈছে৷ দশকৰ পিছত দশক ধৰি দখলত থকা মাটিখিনি হেৰুওৱাৰ ভয়ত শ্ৰমিক শ্ৰম, দোকানীয় দোকান, কৃষকে খেতি পথাৰ এৰি আহিছে৷ দহোবন কাটি কৰি কেইবাহাজাৰ লোক সমৱেত হৈ চৰকাৰক কৈ দিব খুজিছে যে আমি মাটি এৰি নিদিও৷ জনজাতীয় আৰু থলগিৰী হোৱাৰ পিছতো কেইবা শ লোকে ভূমি হেৰুওৱাৰ আতংকত দিন পাৰ কৰিছে৷ কালি এনে দৃশ্য দেখা যায় গুৱাহাটীৰ সমীপৱৰ্তী পলাশবাৰীৰ বৰদুৱাৰ বাগান অঞ্চলত৷ আদানিক পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰদুৱাৰ বাগান অঞ্চলত ১ হাজাৰ বিঘা মাটি দিব খোজা হৈছে৷ যাৰ বাবে দহো বন কাটি কৰি জনজাতীয় লোকে বৃহৎ প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰে৷ বৰদুৱাৰ বাগান অঞ্চলৰ স্থানীয় জনজাতীয় মানুহৰ দখলত থকা ভূমি উচ্ছেদ কৰি বহিৰাগত উদ্যোগক দিব খোজাত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ লোকসকলে প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰে৷ বৰদুৱাৰ বাগান অঞ্চলৰ প্ৰায় ২১০০ ৰাভা পৰিয়ালে বিগত কেইবাবছৰ ধৰি মাটি দাবী কৰি প্ৰতিবাদ কৰি গৈছে৷ পট্টাৰ সংগ্রামৰ তেনে সময়তে চৰকাৰে বহিৰাগতক মাটি গতাব খুজি একাংশ পৰিয়ালক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰাৰ আশংকা কৰি জনজাতীয় ৰাইজ সোচ্ছাৰ হৈ পৰিছে৷ যাৰ বাবে আজি কেইবাখনো গাঁৱৰ ৰাইজে সমৱেত হৈ থলুৱাৰ দখলত থকা ভূমি কোনো কাৰণত এৰি নিদিয়াৰ সংকল্প লয়৷ প্ৰয়োজনত জংগী আন্দোলনৰ কৰাৰ সংকল্প লয়৷ কেইবাগৰাকী স্থানীয় নেতাই কয় যে প্ৰয়োজনত তেজ দিম কিন্তু মাটি এৰি নিদিও৷ এইখন চৰকাৰে জনজাতীয় লোকক টাৰ্গেট কৰি লৈছে৷ কিন্তু চৰকাৰক ভয় নকৰো বুলিও কয় ৰাইজে৷ আজিৰ সমাৱেশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ মাটিৰ পট্টা নোপোৱা পৰ্যন্ত আৰু আদানীক মাটি গোটাই দিয়াৰ সিদ্ধান্ত বাতিল নকৰিলে সংগ্রাম তীব্রতৰ কৰাৰ সিদ্ধান্ত লয়। সমাৱেশত ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি, বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৱেশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, কিশোৰ কুমাৰ কলিতা, ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ আহ্বায়ক সুব্রত তালুকদাৰ, কৃষ্ণ গগৈ, দেৱজিৎ চৌধুৰী, নিখিল ভাৰত কৃষক সভাৰ জয়ন্ত গগৈ, প্রগতিশীল যুৱ গায়ক জিতুমণি দাস, ভূমি সুৰক্ষা সমিতি মালিয়াটাৰ আহ্বায়ক কৃষ্ণ দাস, নিখিল ৰাভা ছাত্র সন্থা, নিখিল ৰাভা জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত থাকে।