
তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এক মননশীল বক্তৃতা অনুষ্ঠান উদযাপন কৰা হয়৷ ময়ুৰী তাঁতীৰ বৰগীতৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষা, অধ্যাপক-অধ্যাপিকা সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত থাকে৷ ড° ঈশানজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই মাতৃভাষাৰ মহত্ত্বৰ বিষয়ে তেওঁৰ চমু ভাষণত ব্যক্ত কৰে৷ ড° হাজৰিকাই লগতে মাতৃভাষা অসমীয়াই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ পিছত ইয়াৰ গুৰুত্ব যে অধিক বৃদ্ধি পালে সেয়া উল্লেখ কৰে৷ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড° ৰাজলক্ষ্মী সোণোৱালে মুখ্য অতিথি ড° সুৰেশ কুমাৰ আৰ্যৰ চমু পৰিচয় ডাঙি ধৰে৷ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° সুৰেশ কুমাৰ আৰ্যই মুখ্য বক্তাৰূপে উপস্থিত থাকি সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়ে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে৷ ড° আৰ্যই তেওঁৰ সুদীৰ্ঘ ভাষণত বেদ উপনিষদৰপৰা আৰম্ভ কৰি মহাকাব্য ৰামায়ণ তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা উল্লেখ কৰি এটা জাতিৰ উন্নতি আৰু প্ৰগতিত কেনেদৰে মাতৃভাষাই অৱদান আগবঢ়াই সেয়া ব্যক্ত কৰে৷ অসমীয়া বিভাগৰ শিক্ষাৰ্থী সকলৰ সমূহীয়া কণ্ঠত “চিৰ চেনেহী মোৰ ভাষা জননী’’গীতৰ সুৱদী সুৰে সভাগৃহ মুখৰিত কৰি কাৰ্যসূচীৰ অন্ত পেলোৱা হয়৷
অসমীয়া বিভাগৰ মুৰব্বী মিতালী শইকীয়াই উপস্থিত সকলোলৈকে কৃতজ্ঞতা জনোৱাৰ লগতে অনুষ্ঠানটি ৰূপায়ণ কৰাত সহায় সহযোগ আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ শলাগৰ শৰাই আগব