
উত্তৰ প্ৰদেশত দলিত যুৱতীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাত-ভৰি ভাঙি পেলোৱাৰ লগতে চকু উলিয়াই, সমগ্ৰ দেহ ব্লেডেৰে ক্ষত-বিক্ষত অৱস্থাত দলিত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ঘটনা উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হৈছে৷ ২২ বছৰীয়া যুৱতীৰ মৃতদেহ কালি অযোধ্যাৰ এটা খালত উদ্ধাৰ হৈছিল। মৃতদেহটো উলংগ অৱস্থাত আছিল৷ মৃতদেহত চকু দুটা নাছিল৷ হাত-ভৰি ৰচীৰে বান্ধি থোৱা আছিল৷ হাড় ভাঙি পেলোৱা হৈছিল৷ শৰীৰত গুৰুতৰ আঘাতৰ চিহ্ন আছিল৷ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ বৃহস্পতিবাৰে নিশা এক ধৰ্মীয় সমাৱেশলৈ গৈ ঘৰলৈ উভতি অহা নাছিল। পৰিয়াল আৰক্ষীৰ কাষ চাপিছিল যদিও পৰিয়ালক নিজে বিচাৰিবলৈ কৈছিল আৰক্ষীয়ে। আত্মীয়ই কয় যে তাই ভাগৱত কথালৈ গৈ ঘৰলৈ উভতি অহা নাছিল। অযোধ্যা আৰক্ষীয়ে কয় যে ঘটনাৰ বিষয়টো অনুসন্ধান কৰি শুকুৰবাৰে অভিযোগ দাখিল কৰাৰ পিছত নিৰুদ্দেশ অভিযোগ পঞ্জীয়ন কৰিছিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিব। অযোধ্যাৰ ফৈজাবাদৰ সাংসদ অৱধেশ প্ৰসাদে আজি এক সংবাদমেলত কান্দোনত ভাগি পৰে৷ অৱধেশ প্ৰসাদে কয় যে অযোধ্যাত এগৰাকী ২২ বছৰীয়া দলিত যুৱতীক হত্যা কৰা হৈছে৷ পৰিয়ালে ন্যায় নাপালে লোকসভাৰ পৰা পদত্যাগ কৰিম। ফৈজাবাদৰ সাংসদজনে কান্দি থকাত আনসকলে তেওঁক সান্ত্বনা দিয়া দিয়ে। তেওঁ কয় যে মোক দিল্লীলৈ যাবলৈ দিয়ক। মই এই বিষয়টো লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত উত্থাপন কৰিম। যদি আমি ন্যায় নাপাওঁ তেন্তে মই লোকসভাৰ পৰা পদত্যাগ কৰিম। আমি কন্যাসকলক বচাবলৈ বিফল হৈছো। ইতিহাসে আমাক কেনেকৈ বিচাৰ কৰিব? আমাৰ ছোৱালীৰ সৈতে কেনেকৈ এনে হ’ল৷ অযোধ্যাৰ মিলকিপুৰ বিধানসভা খণ্ডৰ উপ-নিৰ্বাচনৰ কেইদিনমান পূৰ্বে এই অপৰাধ সংঘটিত হৈছে। লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত প্ৰসাদে আসনখন খালী হৈছিল। ৫ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধৰ্ষণ-হত্যা এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় হৈ পৰিছে৷