দুগ্ধ উৎপাদনৰ ৰাজসাহায্য কেলেংকাৰী-গীৰ গাই চুৰিৰ তদন্ত দাবী ৰাজ্যিক কৃষক সভাৰ

দুগ্ধপামক ৰাজসাহায্য প্ৰদানক লৈ সংঘটিত কেলেংকাৰীক ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্য্যৰ লগতে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠই দুগ্ধ উন্নয়ন আঁচনিৰ ৰাজসাহায্য লাভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ৰাজ্যৰ ১৫ খন দুগ্ধপামক ১ কোট টকাকৈ ঋণ প্ৰদান কৰিছে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন নিগমে৷ ইয়াৰে ৫০ লাখ টকা ৰাজসাহায্য দিয়া হৈছে৷ ইতিমধ্যে হিতাধিকাৰীৰ ১৫ জনীয়া তালিকা প্ৰকাশ কৰিছে চৰকাৰ৷ তালিকাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্য্যৰ লগতে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠৰ নাম থকাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই কেলেংকাৰীৰ তদন্ত দাবী কৰিছে অসম ৰাজ্যিক কৃষক সভাই৷ অসম ৰাজ্যিক কৃষক সভাই আজি এক বিবৃতি যোগে কয় যে কয় যে ৰাজ্য চৰকাৰৰ দুগ্ধ উংপাদন বিভাগৰ বাণিজ্যিক ডেইৰী ফাৰ্ম প্ৰকল্পৰ অধীনত ৰাজসাহায্য বিতৰণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি, স্বজন-তোষণ আৰু গৰুখুঁটিৰ চুৰি হোৱা গীৰ গাইৰ তদন্ত কৰা হওক৷ অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু সম্পাদক গজেন বৰ্মনে কয় যে চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যৰ মুঠ পোন্ধৰ গৰাকী দুগ্ধ উংপাদক গো-পালকে ৫০ লাখ টকাকৈ ৰাজ সাহায্য লাভ কৰিছে৷ ৰাজসাহায্য প্ৰাপ্তসকলৰ তালিকাত প্ৰকৃত দুগ্ধ উৎপাদকৰ সলনি বিজেপিৰ একাংশ মন্ত্ৰী আৰু বিধায়কৰ পত্নীয়েও ৫০ লাখ টকাকৈ ৰাজসাহায্য লাভ কৰাৰ তথ্য প্ৰাকশিত হৈছে৷ আশ্চৰ্যজনকভাৱে তালিকাত প্ৰতিষ্ঠিত চিকিৎসক, ঠিকাদাৰৰ নামো প্ৰকাশিত হৈছে৷ প্ৰায়সকলেই বিজেপি দলৰ ঘণিনিষ্ঠৰূপে পৰিচিত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই স্বজন-তোষণৰ জৰিয়তে চৰকাৰী অনুদান লাভ কৰাসকলক সুৰক্ষা প্ৰদান কৰি মন্তব্য কৰিছে যে আজি যিসকলক মন্ত্ৰী বিধায়ক কালিলৈ তেনে পদত নাথাকিবও পাৰে, তেনে অৱস্থাত তেওঁলোকৰ সংসাৰ কেনেকৈ চলিব৷ ইয়াৰ অৰ্থ এয়াই যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত গো-পালকৰ পৰিৱৰ্তে মন্ত্ৰী-বিধায়কৰ ভৱিষ্যৎ সুৰক্ষাৰ প্ৰতিহে দায়বদ্ধ৷ মন্ত্ৰী-বিধায়কৰ বাবেহে চৰকাৰী ধন উদাৰভাৱে বিতৰণ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে কৃষি আৰু কৃষক বিৰোধী সেয়া বৰ্তমানৰ ঘটনাই চকুত আঙুলি থৈ দেখুৱাই দিছে৷ পত্নীয়ে ৰাজসাহায্য লাভৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই তেওঁলোকৰ গোহালিত ৬০-৭০ টা গুজৰাটৰ গীৰ গাই থকা উল্লেখ কৰাত দৰং জিলাৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে অনা ৩০০টা গীৰগাইৰ ৯০ টা ৰঙিয়াৰ পৰা চুৰ হোৱা প্ৰসঙ্গ উত্থাপিত হৈছে৷ মন্ত্ৰী পত্নীয়ে গীৰ গাই ক’ৰপৰা কেনেকৈ ক্ৰয় কৰিছিল সেয়া ৰাজহুৱা কৰিব লাগে৷ এয়া এক গুৰুতৰ অভিযোগ৷ দুগ্ধ উৎপাদকৰ ৫০ লাখ টকীয়া ৰাজসাহায্য লাভ কৰা সকলৰ প্ৰকৃত যোগ্যতা, মন্ত্ৰী-বিধায়কৰ পত্নীসহ ৰাজসাহায্য লাভ কৰা ফাৰ্মৰ গৰু ক্ৰয়, গৰুখুঁটিৰ গিৰ গাই চুৰি হোৱা ঘটনাৰ উচ্চস্তৰীয় তদন্ত কৰিবলৈ আৰু তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আৰু দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম ৰাজ্যিক কৃষক সভাই ৷

  • Related Posts

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    বান সাহায্য দি বিপদত পুৰণি বিজেপি কৰ্মী — চক্ৰ বিষয়াৰ জাননী লৈ বিতৰ্ক

    অসমত বানপীড়িত লোকৰ সহায়ত হাত আগবঢ়োৱা এজন পুৰণি বিজেপি কৰ্মীক প্ৰশাসনে জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীয়ে এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জীৱন চুতীয়া নামৰ এজন সমাজকৰ্মী তথা ২০০৮ৰ পৰা বিজেপি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে