ধলাইত জিতেন্দ্ৰ সিং, বৰাক উপত্যকাক মাহীআইৰ দৃষ্টিৰে চাইছে বিজেপিয়ে

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে আজি ধলাইৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ নিৰ্বাচনী প্ৰচাৰত অংশ লয়৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এক সংবাদমেলত জিতেন্দ্ৰ সিঙে আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷ এয়া ডেৰ বছৰৰ বাবে উপ-নিৰ্বাচন৷ এই উপ-নিৰ্বাচনক অসমবাসীয়ে অন্যধৰণে লৈছে৷ কিয়নো মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে যি আশ্বাস, প্ৰতিশ্ৰুতি আৰু ঘোষণা কৰিছিল সেই মতে একো কামেই কৰা নাই৷ বৰাক উপত্যকাই যি অধিকাৰ লাভ কৰিব লাগিছিল সেই অধিকাৰ লাভ কৰা নাই, বৰং পূৰ্বতে লাভ কৰা অধিকাৰো কাঢ়িহে লৈছে। পূৰ্বে বৰাক উপত্যকাৰ ১৫ বিধায়কে অসম বিধাসনভাত সৰৱ ভূমিকা গ্ৰহণ কৰিছিল৷ কিন্তু বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি বিধায়কক চুপ কৰি পেলাইছে৷ বৰাকত সমষ্টি ১৩টালৈ হ্ৰাস কৰা হৈছে। এতিয়া বৰাকৰ পৰা মাথো ১৩গৰাকী লোক বিধানসভালৈ যাব৷ এয়া বৰাক উপত্যকাৰ সৈতে প্ৰতাৰণা৷ চৰকাৰে ১৫খন আসনৰ ঠাইত ২০ খন আসন কৰিব লাগিছিল৷ বৰাকক চৰকাৰে মাহীআইৰ দৰে ব্যৱহাৰ কৰিছে৷ আজি বৰাক উপত্যকাত বিজেপিয়ে শিক্ষা, স্বাস্থ্য, বিজুলী, আন্তঃগাঁথনিৰ উন্নয়নত বিফল হৈছে৷ কেবিনেটত বৰাক উপত্যকাৰ এজনো নেতাক স্থান দিয়া হোৱা নাই৷ বৰাকত আজি সাধাৰণ অস্ত্ৰোপচাৰ এটা ভালকৈ কৰিব পৰাৰ সুবিধা নাই৷ হৃদৰোগত আক্ৰান্ত হ’লে ৰোগীক গুৱাহাটী নাইবা কলকাতালৈ নিবলগীয়া হয়৷ নিবনুৱা সংস্থাপন এতিয়া বৰাকৰ বাবে ডাঙৰ সমস্যা৷ যেতিয়াই ভৰ্তিৰ বাবে নিযুক্তি ওলাই তেতিয়াই বৰাকৰ নিবনুৱা বঞ্চিত হয়৷ ৰাজধানীৰ ওচৰে-পাজৰে থকা লোকে সংস্থাপন লাভ কৰে যদিও বৰাকৰ নিবনুৱা বঞ্চিত হৈ ৰয়৷ তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে স্থানীয় পৰ্যায়ত স্থানীয় লোকক নিযুক্তি দিব লাগে৷ মুখ্যমন্ত্ৰীয়ে এনেকৈ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই৷ মই কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত তেতিয়া তৰুণ গগৈৰ চৰকাৰ আছিল৷ সেই সময়ত বৰাক, উজনি অসম, মধ্য-উত্তৰ অসম তথা নামনি অসমত সমপৰ্যায়ৰ গুৰুত্ব দিয়া হৈছিল৷ সকলো এলেকাক অধিকাৰ দিয়া হৈছিল৷ আজি তাৰ বিপৰীত হৈছে৷ যিসকলে মুখ্যমন্ত্ৰীৰ চামচাগিৰি কৰিব পাৰে, ছুটকেছ কঢ়িয়াই ফুৰিব পাৰে, সেইসকল বিধায়কে বাজেট লাভ কৰে৷ সেইসকলৰ এই এলেকাক লৈ কোনো জ্ঞান নাই৷ বৰাক উপত্যকাৰ সকলো পথৰ অৱস্থা বেয়া৷ ৰাস্তাত শিল পেলাই ফটো প্ৰচাৰ কৰি বাঃবাঃ লৈছে, তাৰ বাহিৰে কাম হোৱা নাই৷ অসমৰ সৈতে আন ৰাজ্যৰ তুলনা নহয়৷ মিনি ইণ্ডিয়া অসমখন৷ বিভিন্ন ধৰ্ম, বৰ্ণ, জাতি, জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ বিটিআৰ এলেকা, চাহ জনগোষ্ঠীৰ এলেকা, আহোমসকলৰ এলেকাৰ সুকীয়া সংস্কৃতি আছে৷ অসম চুক্তিয়ে সংস্কৃতিৰ সুৰক্ষা দিয়াৰ কথা কৈছে৷ কিন্তু বৰাক উপত্যকাৰ সংস্কৃতি কোনে ৰক্ষা কৰিব? সেই কথা আজিৰ চৰকাৰে নকয়৷ চাহ বাগিচা এলেকাত মাহীআইৰ দৃষ্টি দিয়া হৈছে৷ অসমৰ অন্যান্য ঠাইত চাহ শ্ৰমিকে ২৭০, ২৮০ টকা পাৰিশ্ৰিমকি লাভ কৰি আহিছে৷ কিন্তু বৰাক উপত্যকাৰ শ্ৰমিকে মাথো ১৮০ৰ পৰা ২৩০ টকা পাৰিশ্ৰমিক লাভ কৰি আহিছে৷ এখন ৰাজ্যত দুই ধৰণৰ পাৰিশ্ৰমিক কিয় বুলিও তেওঁ প্ৰশ্ন কৰে। যাৰ বাবে আজি ১০০খন বাগিচা বন্ধ হৈছে৷ পানী, বিদ্যুতৰ সমস্যা, বৰাক উপত্যাকত বিজুলী ইয়াত নাহে৷ বৰাকত স্মাৰ্ট মিটাৰ লগাইছে, পথৰ ব্যৱস্থা উন্নত কৰা নাই৷ মুখ্যমন্ত্ৰীয়ে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ সময়তে এই কথাবোৰৰ উত্তৰ দিব লাগে৷ বিজেপিৰ জিলা উপ-সভাপতি অমিয়কান্তি দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে বিজেপিৰ ধলাইৰ প্ৰাৰ্থীজন বাংলাদেশী৷ সেই কাৰণে ইয়াৰ স্থানীয় প্ৰাৰ্থী কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থক ভোট দিবলৈ জিতেন্দ্ৰ সিঙে আহ্বান জনায়৷ একেদৰে বঙাইগাঁও, বিহালী, চামগুৰি, ছিদলী সমষ্টিতো কংগ্ৰেছে ভাল ফল দেখুৱাবলৈ সমৰ্থ হ’ব বুলি মন্তব্য কৰে৷ সকলো কংগ্ৰেছীয়ে ভাল যুঁজ দিছে৷ এই নিৰ্বাচনত ৰাইজে ক্ষোভৰ বহিঃপ্ৰকাশ কৰিব৷ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰতত ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিচাপে নাম জহাইছে৷ অন্য ৰাজ্যলৈ গৈ অসমৰ মুখ্যন্ত্ৰীয়ে দুৰ্নীতিৰ কথা ক’লে অসমৰ মানুহৰ সন্মান লাঘৱ হয় বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ