
আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত পৰি মৃত্যু ঘটা বুলি দাবী কৰা ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা।
আৰক্ষী বিষয়া পল্লৱ তামুলীক প্ৰদান কৰা হৈছে তফাজ্জুলৰ মৃত্যুৰ তদন্তৰ দায়িত্ব।
পল্লৱ তামুলী হৈছে হোজাইৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক।
উল্লেখ্য যে, ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছিল তফাজ্জুল ইছলামক।
শুকুৰবাৰে নিশা ঘটনাৰ বাবে তফাজ্জুলক ঘটনাস্থলীলৈ নিছিল আৰক্ষীয়ে।
সেই সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি অভিযুক্তজনে এটা পুখুৰীত জঁপিয়াই দিয়া বুলি সদৰী কৰে আৰক্ষীয়ে।
পিছত পুখুৰীত ২ ঘণ্টা ধৰি অভিযান চলাই অভিযুক্তৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইফালে ‘শক্তিশালী’ আৰক্ষীৰ জিম্মাৰ পৰা কেনেদৰে এজন অভিযুক্তই হাতত হেণ্ডকাফ পিন্ধি পলায়ন কৰিবলৈ সক্ষম হ’ল তাক লৈ সন্দেহ ব্যক্ত কৰে একাংশই।
ধৰ্ষণৰ অভিযুক্তজনক আৰক্ষীয়ে পৰিকল্পতিভাৱে হত্যা কৰা বুলিও উত্থাপন হয় অভিযোগ।
ইয়াৰ পিছতে অভিযুক্তজনৰ মৃত্যুৰ তদন্ত ঘোষণা কৰা হৈছে।