
ধিঙত তিনিটাকৈ নৰপিশাচৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা।
ভুক্তভোগী ছাত্ৰীগৰাকীৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিব আছুৱে।
এই কথা সদৰী কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ সৈতে আলোচনাৰ পিছত সেই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে আছুৱে।
উল্লেখ্য যে, টিউচনৰ পৰা উভতি অহাৰ সময়ত তিনি পাষণ্ডৰ কামনাৰ বলি হৈছিল দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী।
তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ দাঁতিত মুমুৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল কিশোৰীগৰাকীক।
ইফালে এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ ইতিমধ্য আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে।
আৰক্ষীৰ পৰা পলায়ন কৰি পুখুৰীত জপিয়াই দিয়াত সলিল সমাধি ঘটে অভিযুক্তজনৰ।
আন দুজন অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।