‘ধুবুৰী মিনি বাংলাদেশ’- সুধাংশু ত্ৰিৱেদীৰ বিৰুদ্ধে গোলাকগঞ্জত গোচৰ, বিধানসভাত ভৰ্ৎসনা প্ৰস্তাৱ কংগ্ৰেছৰ

ধুবুৰী জিলাক “মিনি বাংলাদেশ” বুলি কোৱা ৰাজ্যসভাৰ বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যে অসমৰ ৰাজনীতি গমৰ হৈছে। এই বিবৃতিয়ে বিভিন্ন জনগোষ্ঠী, ৰাজনৈতিক দল আৰু স্থানীয় সংগঠনে তীব্ৰ নিন্দা কৰিছে।

বিধানসভাত ভৰ্ৎসনা প্ৰস্তাৱৰ দাবী:
কংগ্ৰেছ দলে অসম বিধানসভাৰ বাজেট অধিৱেশনত ত্ৰিবেদীৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ উত্থাপন কৰে। বিৰোধী দলপ নেতা দেৱব্ৰত শইকীয়াই কয়, “ধুবুৰীক বাংলাদেশ বুলি কোৱাটো অসমীয়াৰ অপমান। এই সদনৰ পৰা তেওঁক স্পষ্টকৈ গৰিহণা দিয়া হ’ব লাগে।” অৱশ্যে অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। এআইইউডিএফ দলে বিৰোধী দলৰ দাবীক সমৰ্থন জনাই কয়, “সংসদত এনআৰচি সম্পৰ্কে ভুল তথ্য দি ত্ৰিবেদীয়ে অসমক হাঁহিয়াত কৰিছে।”

ঐতিহাসিক পৰিপ্ৰেক্ষিত আৰু স্থানীয় ক্ষোভ:
প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে ধুবুৰী কেতিয়াও পাকিস্তান বা বাংলাদেশৰ অংশ নাছিল, বৰং ই ব্ৰিটিছ শাসনাধীন আছিল আৰু স্বাধীনতা সংগ্ৰামী যোগেন্দ্ৰনাথ ৰয়, টোটাৰাম ৰয়, শৰৎচন্দ্ৰ সিংহ আদিৰ জন্মস্থান। কোঁচ-ৰাজবংশী নেতা অলোকেশ ৰয়ে কয়, “ধুবুৰীৰ ইতিহাসক অৱজ্ঞা কৰি ত্ৰিবেদীয়ে বিভাজনৰ ৰাজনীতি কৰিছে। তেওঁ ক্ষমা বিচাৰক নতুবা গণপ্ৰতিবাদ অনিবাৰ্য।”

গোচৰঃ

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ধুবুৰীৰ গোলাকগঞ্জ থানাত ত্ৰিবেদীৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে। সংগঠনটোৱে এই মন্তব্যক “বিভাজনকাৰী” আখ্যা দিয়ে। আনহাতে, ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰাকিবুল হুছেইনৰ নীৰৱতাকো সমালোচনাৰ সন্মুখীন কৰা হৈছে। স্থানীয় নেতাসকলে তেওঁক জিলাৰ মৰ্যাদা ৰক্ষাৰ বাবে সক্ৰিয় হ’বলৈ দাবী জনায়।

 

ধুবুৰীৰ সাংস্কৃতিক ঐতিহ্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সংবেদনশীল হৈ ৰাজনৈতিক দলসমূহৰ মাজত তৰ্জন-গৰ্জন অব্যাহত আছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে