
নগাঁও পলাশতল কাছমাৰি ৰাসমণ্ডপ প্ৰঙ্গনত ৩৬ খন পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত তিৱা ভাষাৰ এশ জন শিক্ষক নিযুক্তি প্ৰদান কৰা, কেবিনেটত তিৱা-ৰাভা-মিচিং স্বায়ত্ব পৰিষদক চৰকাৰে ঘোষণা কৰা সংবিধানিক মৰ্যাদাত থাকিবলগীয়া সুবিধা অসুবিধা সমূহ ৰাজহুৱা কৰিবৰ কাৰণে ডিচেম্বৰ মাহৰ আগত চৰকাৰক দল-সংগঠনৰ লগত আলোচনাত বহাৰ দাবী উত্থাপন কৰে সম্পাদক প্ৰশান্ত মচৰঙে। পতাকা উত্তোলন কৰে তিৱা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিথিয়ে, স্মৃতি তৰ্পণ কৰে তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মচৰঙে। লগতে স্থানীয় যুৱতী সকলৰ দ্বাৰা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।