নলাত পৰি নৱম শ্ৰেণীৰ ছাত্ৰীৰ অকাল মৃত্যু, নৱম শ্ৰেণীৰ ছাত্ৰীক স্কুটী চলাব দিয়া হৈছিল কিয়?

নলবাৰী জিলা টিহুত স্কুটীসহ পথৰ দাঁতিৰ নলাত পৰি ১৫ বছৰীয়া ছাত্ৰীয়ে অকাল মৃত্যুক আকোৱালি লোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ ভাস্বতী কলিতাৰ মৃত্যু হয়৷ ভাস্বতী কলিতাৰ বয়স প্ৰায় ১৫ বছৰ আৰু নৱমমান শ্ৰেণীত পঢ়ি আছিল৷ জানিব পৰা মতে, টিহুৰ ৰণাকুছি হেলচাপাৰাৰ ঘৰৰ পৰা এএছ-১৪-এন-১১০২ নম্বৰৰ স্কুটীত ৩নং ৱাৰ্ডৰ মাজেৰে টিউচনলৈ গৈ আছিল ভাস্বতী৷ ৩নং ৱাৰ্ডত হঠাতে স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীসহ পথৰ দাঁতিৰ নলাত পৰে৷ নলাৰ পকী দেৱালত লাগি ভাস্বতীয়ে দেহৰ কেইবাটা অংশত বেয়াকৈ আঘাত পায়৷ স্থানীয় লোকে নলাৰ পৰা তুলি ততাতৈয়াকৈ ভাস্বতীক নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিসকে মৃত ঘোষণা কৰে৷ ৰণাকুছি হেলচাপাৰা’ৰ বাপন কলিতাৰ কন্যা আছিল ভাস্বতী৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইপিনে অভিভাৱকক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে৷ নৱমমান শ্ৰেণীত অধ্যয়নৰত আৰু মাথো ১৫ বছৰ বয়সত স্কুটী চলাব দিছিল কিয়? অভিভাৱকৰ ভুলৰ বাবে এগৰাকী ছাত্ৰীয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা বুলি বিভিন্নজনে আক্ষেপ প্ৰকাশ কৰিছে৷ আনহাতে টিহু আৰক্ষীৰ তৎপৰতাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক