
কৰিমগঞ্জঃ পিতৃ-মাতৃক নৃশংসভাৱে হত্যা কৰি উঠি ফেচবুক লাইভত কবিতা পাঠ কৰিলে পাষাণ পুত্ৰই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে।
কৰিমগঞ্জ জিলাত শনিবাৰে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। পিতৃ-মাতৃক চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰে পাষাণ পুত্ৰ আব্দুল হালিমে।
নিহত দম্পতীহালক আব্দুল ছালাম আৰু বদৰুননেছা বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মৃতদেহ খণ্ড বিখণ্ড কৰে পুত্ৰ আব্দুল হালিমে। ইয়াৰ পিছতে ফেচবুক লাইভ কৰি কবিতা পাঠ কৰে হত্যাকাৰী পুত্ৰই।
অন্যহাতে ঘটনা সংঘটিত কৰাৰ পিছত পলায়ন কৰা আব্দুল হালিমক বিচাৰি এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।