পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা ইউটিউবাৰসহ ৬ জনক গ্ৰেপ্তাৰ

হাৰিয়ানাৰ এগৰাকী মহিলা ইউটিউবাৰকে ধৰি ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, তেওঁলোক সকলোৱে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ গুপ্তচৰ হিচাপে কাম কৰিছিল। ভাৰতৰ পৰা গোপন তথ্য সৰবৰাহৰ বিনিময়ত তেওঁলোকে সীমান্তৰ সিপাৰৰ পৰা লাভ কৰিছিল বিপুল পৰিমাণৰ ধন। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত অন্যতম হৈছে হাৰিয়ানাৰ জ্যোতি মালহোত্ৰা। ট্ৰেভেল ব্লগাৰ হিচাপে পৰিচিত এইগৰাকী মহিলা যদিও ইউটিউবত সক্ৰিয়, কিন্তু প্ৰকৃত পৰিচয় তেওঁৰ ভিন্ন। পাকিস্তান উচ্চায়ুক্তৰ সদস্য এহছান উৰ ৰহিম ওৰফে ডানিছৰ ঘনিষ্ঠ আছিল জ্যোতি। ডানিছৰ সহায়ত ২০২৩ চনত জ্যোতিয়ে ভিছা লৈ পাকিস্তান ভ্ৰমণ কৰিছিল। যোৱা মঙলবাৰে কেন্দ্রই এই ডানিছ নামৰ লোকজনক ‘অবাঞ্চিত ব্যক্তি’ বুলি ঘোষণা কৰি ভাৰতৰ পৰা বহিষ্কাৰ কৰে৷ তদন্তত প্ৰকাশ পাইছে যে পাকিস্তানৰ একাধিক লোকৰ সৈতে যোগাযোগ আছিল ইউটিউবাৰ জ্যোতিৰ। কেৱল ডানিছৰ সৈতেই নহয়, পাকিস্তান চোৰাংচোৱা অপাৰেটিভ (পিআইঅ’)ৰ সৈতেও আছিল হাৰিয়ানাৰ এই মহিলা ইউটিউবাৰগৰাকীৰ যোগাযোগ। হোৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাটৰ দৰে প্লেটফৰ্মত তথ্য বিনিময়ৰ কামত জড়িত আছিল। আনকি জ্যোতিয়ে পাকিস্তানী চোৰাংচোৱা ছাকিৰ ওৰফে ৰানা শ্বাহবাজৰ নম্বৰো নিজৰ ফোনত ‘জাথ ৰন্ধাৱা’ নামেৰে চেভ কৰি ৰাখিছিল। জ্যোতিৰ উপৰিও আন কেইবাজনো ভাৰতীয়ৰো পাকিস্তানৰ সৈতে সম্পৰ্ক পোহৰলৈ আহিছে। একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা পঞ্জাৱৰ বাসিন্দা গুজালা নামৰ এগৰাকী ৩২ বৰ্ষীয় মহিলাও তদন্তকাৰীৰ জালত পৰে। চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত তেওঁ পাকিস্তানলৈ গৈছিল। ডানিছেই ব্যৱস্থা কৰিছিল তেওঁৰ বাবে ভিছাৰ। গুজলাৰ লগত তেওঁৰ ঘনিষ্ঠতা ইমানেই প্ৰবল আছিল যে ডানিছে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল মহিলাগৰাকীক। নিয়মীয়াকৈ ধনৰ লেনদেন হৈছিল, প্ৰতিবাৰেই ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা গুজলালৈ প্ৰেৰণ কৰা হৈছিল। পাকিস্তান ভ্ৰমণৰ অন্তত বানু নাছৰিনা আৰু আন এগৰাকী মহিলাৰ সৈতে ২৩ এপ্ৰিলত পাকিস্তান উচ্চায়ুক্তত হাজিৰ হৈছিল গুজালা। খবৰ অনুসৰি ডানিছেই তেওঁলোকক ভিছা প্ৰদান কৰিছিল। তদন্তত গ্ৰেপ্তাৰ হোৱা আন অভিযুক্তসকলৰ ভিতৰত আছে পঞ্জাৱৰ মালেৰকোটলাৰ ইয়ামিন মহম্মদ, হাৰিয়ানাৰ কাইথালৰ দেৱীন্দৰ সিং ধিলন (শিখ ছাত্ৰ নেতা) আৰু হাৰিয়ানাৰ নুহ অঞ্চলৰ আৰমান। চোৰাংচোৱা বিষয়াসকলে দাবী কৰিছে যে তেওঁলোকৰ প্ৰত্যেকেই পাকিস্তানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু দেশৰ পৰা গোপন তথ্য সৰবৰাহৰ কামত জড়িত আছিল।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে