পীয়ুষ হাজৰিকাক কুৰুচি চিন্তাৰ দাৰিদ্ৰ্য ৰাজনৈতিক আখ্যা, কমিউনিষ্ট সম্পৰ্কে কৰা মন্তব্যক উভতি ধৰিলে চিপিআইএমে

অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি ২ মে’ত কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাঁজীকোণা জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত কমিউনিষ্ট পাৰ্টি সম্পৰ্কে অতি মিথ্যাচাৰী আৰু কুৰুচিকৰ মন্তব্য প্ৰকাশ কৰাত চিপিআইএমৰ অসম ৰাজ্যিক কমিটিয়ে ধিক্কাৰ দিছে। নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত তেওঁ আনকি কমিউনিষ্ট পাৰ্টিক ‘চোৰ-ডকাইত, গুণ্ডাবাহিনীৰ দল’ বুলি অদ্ভূত তথা কুৎসিত মন্তব্য প্ৰকাশ ক’বলৈও কুণ্ঠাবোধ কৰা নাই। মন্ত্ৰী হাজৰিকাৰ মন্তব্যক তীব্ৰ গৰিহণা দিছে অসম ৰাজ্যিক চিপিআইএমে। অসম ৰাজ্যিক চিপিআইএমে এক বিবৃতি যোগে কয় যে এনে মিথ্যাচাৰ আৰু অভব্য আচৰণ কেৱল বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলেহে কৰিব পাৰে। বিজেপি-আৰএছএছৰ উৎকট কমিউনিষ্ট বিৰোধিতা সৰ্বজনবিদিত। সেই পৰম্পৰা অনুসৰিয়েই কমিউনিষ্টৰ বিৰুদ্ধে মন্ত্ৰী পীয়ুষ হাজৰিকাই এনে মন্তব্য প্ৰকাশ কৰি নিজৰ উদ্ধতালি, কুৰুচি, চিন্তাৰ দাৰিদ্ৰ্য তথা ৰাজনৈতিক অপসংস্কৃতিক নিৰ্লজ্জভাৱে উদঙাই দিছে। তেওঁ জনা উচিত কমিউনিষ্টসকলে সমাজত শোষণ-লুণ্ঠনৰ অৱসান ঘটাই দুখীয়া আৰু শ্ৰমজীৱী জনসাধাৰণৰ মুক্তিৰ সংগ্ৰামত নিজকে নিয়োজিত কৰে। এটা বিজ্ঞানসন্মত আদৰ্শক আঁকোৱালি লৈ কমিউনিষ্টসকলে সমাজ ৰূপান্তৰ তথা সমাজ প্ৰগতিৰ সংগ্ৰামত ব্ৰতী হয়। কমিউনিষ্টসকলৰ আদৰ্শবোধ তথা আত্মপ্ৰত্যয়, নিষ্ঠা আৰু আন্তৰিকতা প্ৰশ্নৰ অতীত। সেয়ে ৰাজনৈতিক আৰু মতাদৰ্শগত পাৰ্থক্য থাকিলেও বিজেপি-আৰএছএছ তথা ধৰ্মীয় মৌলবাদী শক্তিবোৰৰ বাহিৰে প্ৰায় সকলোবোৰ ৰাজনৈতিক দল, সচেতন অংশৰ জনগণ আৰু সাধাৰণ জনতাই কমিউনিষ্ট পাৰ্টিৰ সভ্য-সমৰ্থকসকলক শ্ৰদ্ধাৰ দৃষ্টিৰেই চায়। কমিউনিষ্ট পাৰ্টিত বিজেপি দলৰ দৰে ৰাজনৈতিক ভ্ৰষ্টাচাৰ, ঠগ-প্ৰবঞ্চক, আদানি-আম্বানিৰ দৰে শোষণকাৰী-লুণ্ঠনকাৰীৰ কোনো স্থান নাই। ধৰ্মৰ নামত কৰা সাম্প্ৰদায়িক বিভাজন আৰু ঘৃণাৰ ৰাজনীতিৰো কমিউনিষ্টসকল তীব্ৰ বিৰোধী। দেশৰ ঐক্য-সংহতি-সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ হকে আৰু সকলো প্ৰকাৰৰ সাম্প্ৰদায়িক-মৌলবাদী-বিভাজনবাদী শক্তিসমূহৰ বিৰুদ্ধে যুঁজত কমিউনিষ্টসকল সদায়েই সমুখশাৰীত থাকে। কমিউনিষ্ট পাৰ্টিত চোৰ-ডকাইত-গুণ্ডাৰ প্ৰৱেশ নিষিদ্ধ। বিজেপি দলতহে ৰাজনৈতিক ভ্ৰষ্টাচাৰ-দুৰ্নীতি-কেলেংকাৰিৰ পয়োভৰ। অন্যান্য বিজেপি শাসিত ৰাজ্যৰ কথা বাদেই, আমাৰ ৰাজ্যতে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাকে ধৰি অসম মন্ত্ৰীসভাৰ কিমানজন মন্ত্ৰী দুৰ্নীতিৰ বোকাত লেটি-পেটি হৈ আছে, তাৰ লেখ-জোখ নাই। বহু কেইজন মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে হত্যা-হিংসা, ৰাজকোষ লুণ্ঠন, নাৰী নিৰ্যাতনৰ লেখীয়া গুৰুতৰ অভিযোগ আছে। পীয়ূষ হাজৰিকা আৰু বিজেপিৰ অইন মন্ত্ৰী -বিধায়কসকলেই যে অসমত নানা তৰহৰ ছিণ্ডিকেটসমূহ চলাই কোটি কোটি টকা অৰ্জন কৰি আছে, সেয়া অ’পেন ছিক্ৰেট। মন্ত্ৰী হোৱাৰ পূৰ্বে পীয়ুষ হাজৰিকা আৰু অন্যান্য সকলৰ পৰিয়ালৰ সম্পদ কিমান আছিল আৰু এতিয়া আচলতে কিমান তাক প্ৰকাশ কৰাৰ সৎ সাহস হ’বনে মন্ত্ৰীজনৰ? বিপৰীতে কমিউনিষ্ট পাৰ্টিত দুৰ্নীতি-ভ্ৰষ্টাচাৰ-গুণ্ডামিৰ এটা উদাহৰণো মন্ত্ৰী হাজৰিকাই দেখুৱাব পাৰিব নে? আমি প্ৰত্যাহ্বান জনাইছোঁ, অসম নালাগে দেশৰ যি কোনো প্ৰান্তত কমিউনিষ্টৰ বিৰুদ্ধে এটাও দুৰ্নীতি-ভ্ৰষ্টাচাৰ, চুৰি-ডকাইতিৰ উদাহৰণ পীয়ুষ হাজৰিকাই আঙুলিয়াই দিব নোৱাৰে। বিজেপিৰ শাসনত নীৰিহৰ তেজেৰে ফাকু খেলাৰ অলেখ উদাহৰণ আছে। বৰ্তমান কেৰালাত কমিউনিষ্টৰ নেতৃত্বত বাওঁ-গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ চলি আছে। কৰ্মসংস্থান তথা উন্নত মানৰ জীৱন ধাৰণ, সামাজিক নিৰাপত্তা, উচ্চহাৰৰ মজুৰি আদিৰ বাবে অন্য ৰাজ্যৰ লগতে আমাৰ অসমৰে লাখ লাখ শ্ৰমিক এতিয়া কেৰালালৈ ঢাপলি মেলিছে। এনে পৰিস্থিতিত মন্ত্ৰী হাজৰিকাই কোনখন মুখেৰে কয় যে, ‘কমিউনিষ্ট পাৰ্টিয়ে চৰকাৰ চলালে মানুহক মৰি যোৱাকৈ মাৰিব’? মনুবাদী দৰ্শনৰ দ্বাৰা পৰিচালিত বিজেপিয়ে তেওঁলোকৰ শাসনত নাৰী নিৰ্যাতন-ধৰ্ষণ আদিৰ ঘটনাক নিৰ্লজ্জভাৱে উদগণি দিয়ে। সেয়ে নৃশংস হত্যা-ধৰ্ষণৰ গোচৰত আদালতত দোষী সাব্যস্ত লোককো কাৰাগাৰৰ পৰা মুকলি কৰি আনি ফুলৰ মালা পিন্ধাবলৈ বিজেপিৰ নেতা কৰ্মীসকল উদগ্ৰীৱ হৈ থাকে। সেই দলৰ নেতাই যেতিয়া কমিউনিষ্ট পাৰ্টিক চোৰ-ডকাইতৰ দল বুলি মন্তব্য কৰে, তেতিয়া জনতাই তেওঁলোকৰ মুখত থু পেলায়।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ