পুনৰ সকলো বিৰোধিক একত্ৰিত হোৱাৰ আহ্বান লুৰীণৰ

পুনৰ অসমৰ বিৰোধিক একত্ৰিত হ’বলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ লুৰীণজ্যোতি গগৈয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয় পঞ্চায়ত নিৰ্বাচনতো একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছে বিৰোধী দলসমূহক৷ আজি সংবাদমাধ্যমৰ মুখামুখি হৈ কংগ্ৰেছ, বামপন্থী দল আৰু ৰাইজৰ দলৰ নাম নোলোৱাকৈ সকলো দলক একত্ৰিত হ’বলৈ আকৌ এবাৰ আহ্বান জনাইছে লুৰীণজ্যোতি গগৈয়ে৷ আজি সভাপতিগৰাকীয়ে গোলাঘাট জিলাৰ বোকাখাত নগৰত দলীয় কাৰ্য‍ালয় উদ্বোধন আৰু যোগদান কাৰ্য‍সূচীত উপস্থিত থাকে৷ বিভিন্ন নেতাই অইন দল এৰি আহি অসম জাতীয় পৰিষদ যোগদান কৰাত উষ্ম আদৰণি জনায়৷ একতাৰ কথা আমি প্ৰতিমুহূৰ্তত আৰু সদায়েই কৈ আহিছো বুলি কৈ গগৈয়ে কয় যে ২০২১ চনৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচন বা পৌৰ সভাৰ নিৰ্বাচনত অংশ লৈ ফলাফল তেতিয়া আশাপ্ৰদ হোৱা নাই৷ তেতিয়া আমি উপলদ্ধি কৰিছো যে আমি একতাৰে নিৰ্বাচনত যুঁজিব লাগিব৷ এটাই কথা যে আমি একতাৰে নিৰ্বাচন যুঁজিব লাগিব৷ তাকে লৈ আমি প্ৰস্তুতি চলাইছো৷ একত্ৰিতভাৱে যুঁজিবলৈ যি ৰণকৌশল তৈয়াৰ কৰিব লাগে তাতো আমি সহযোগিতা কৰি গৈছো বুলিও কয়৷ লগতে তেওঁ কয় যে ভাৰতবৰ্ষৰ বিভিন্ন নিৰ্বাচন ফলাফল আৰু অসমৰো বাস্তৱ পৰিস্থিতি আৰু ফলাফল তাৰ পৰা শিক্ষা লৈ আমি সকলো একেলগে আগবাঢ়িব লাগে৷ দিল্লীৰ নিৰ্বাচন, হাৰিয়ানাত আপৰ ১.৭৯ শতাংশ ভোটে চৰকাৰৰ গঠনৰ বাট মুকলি কৰি দিছিল৷ এতিয়াও সময় সমাগত যে আমি সন্মিলিতভাৱে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন খেলিব লাগে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে