পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ বাবে মৰণ-পণ যুঁজ কৰিবলৈ সাজু হৈছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা৷ বিজেপিয়ে প্ৰতিশ্ৰুতি অনুসৰি পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী পূৰণ নকৰিলে জংঘললৈ যাব ১ লাখ কোঁচ-ৰাংজবশী যুৱক৷ হাতত অস্ত্ৰ লোৱাৰ কথা স্পষ্ট কৰিছে সংগঠনটোৱে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সম-জিলাৰ কাৰ্যালয়ত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই কালি প্ৰতিবাদ সাব্যস্ত কৰি হাতত অস্ত্ৰ লোৱাৰ হুংকাৰ প্ৰদান কৰিছে৷ বিলাসীপাৰাৰ সম-জিলাৰ কাৰ্যালয়ৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আক্ৰাছুৰ ক্ষীতিশ গোটৰ নেতা সঞ্জীত ৰায়ে পৃথক কমতাপুৰ আৰু জনজাতিকৰণ নকৰিলে প্ৰয়োজনত জাতিৰ বাবে অস্ত্ৰ হাতত তুলি লোৱা হ’ব বুলি ঘোষণা কৰিছে৷ নেতাগৰাকীয়ে কয় যে ২০১৪ চনৰ পৰা আমাক বিজেপিয়ে প্ৰতাৰণা কৰি আছে৷ এজন জীৱন সিংহক মাতি আনি শান্তি চুক্তি কৰি আমাক প্ৰতাৰণা কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰতিবাদক সন্মান জনাওক৷ যদি সন্মান নজনাই আমাৰ কোঁচ-ৰাজংবশীৰ ১ লাখ যুৱকে জংঘললৈ যাব৷ আমি ঘৰ-দুৱাৰ এৰিবলৈ বাধ্য হম৷ আমি যুদ্ধ কৰিব লাগিলে প্ৰয়োজনত হাতত অস্ত্ৰ তুলি লম৷ ইয়াৰ বাবে বিজেপি চৰকাৰ জগৰীয়া হ’ব৷ আক্ৰাছুৰ ক্ষীতিশ গোটৰ নেতা প্ৰজেনজিৎ বৰ্মন কয় যে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে পৃথক কমতাপুৰ আৰু জনজাতিকৰণ নকৰিলে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোঁচ-ৰাজবংশী জনগোষ্ঠীয়ে৷ চৰকাৰৰ সদিচ্ছা নাই৷ গণতান্ত্ৰিক প্ৰতিবাদৰ লগতে ৰাজনৈকিভাৱে বিজেপিক ভাঙি পেলাম৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…