
বিশিষ্ট পৰিৱেশ কৰ্মী তথা লাডাখক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ দাবীত অহৰহ প্ৰতিবাদ কৰি থকা ছোনম বাংছুক ডিমা হাচাও জিলাৰ হাফলঙলৈ আহিছে৷ বিশিষ্ট পৰিৱেশ কৰ্মীজনে হাফলঙত কিছু দিন অতিবাহিত কৰি ষষ্ঠ অনুসূচিৰ ষষ্ঠ অনুসূচিৰ অধীনৰ ব্যৱস্থাসমূহ অধ্যয়ন কৰিব৷ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ষষ্ঠ অনুসূচিত স্বায়ত্ব পৰিষদৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধ্যয়ন কৰিব৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু কাৰ্যনিৰ্বাহকসকলৰ সৈতে এত বৈঠকত মিলিত হ’ব৷ হাফলঙত ৱাংচুকে কয় যে আছাম ইউনিভাৰ্ছিটী চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰউদ্যোগত ডিফুত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। আলোচনাত অংশগ্ৰহণ কৰিবলৈ অহা বুলি কয়৷ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ ৭৫ বছৰীয়া বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত ভাষণ প্ৰদান কৰিব ৱাংছুকে৷ আলোচনা চক্ৰত ষষ্ঠ অনুসূচীত জনজাতিৰ সংস্কৃতিৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণক গুৰুত্ব দিয়া হ’ব৷ ৱাংছুকে আৰু কয় যে মই শীঘ্ৰে ষষ্ঠ অনুসূচী ৰূপায়ণৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হম। লাডাখত ষষ্ঠ অনুসূচী আৰু আমাৰ সংস্কৃতি-পৰিৱেশ বচোৱাৰ বাবে আলোচনা চলাই আছো৷ লাডাখত লোকতন্ত্ৰৰ কোনো মঞ্চ নাই। লোকতন্ত্ৰৰ পৰা বঞ্চিত লাডাখ৷ ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই আলোচনা৷ তাৰ পূৰ্বে ডিমা হাচাও জিলাৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিম৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ সময়ত এই বিষয়সমূহ উত্থাপন কৰা হ’ব৷