

ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ সুযোগ লৈ সীমান্তৰে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ হাতত দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হয়।
বৃহস্পতিবাৰে এই তথ্য সদৰী কৰি সেনাই প্ৰকাশ কৰা মতে, বুধবাৰে নিশা কুপৱাৰাৰ মাচিল আৰু টাংধৰ ছেক্টৰত সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰাৰ পিছতে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকল সষ্টম হৈ পৰে। ইয়াৰ পিছতে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুই সন্দেহযুক্ত সন্ত্ৰাসবাদীক গুলীবিদ্ধ কৰা হয়।
ইফালে একে নিশাই টাংধৰ অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সীমাপত আন এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি সদৰী কৰে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰতিকূল বতৰৰ সুযোগ লৈ সন্ত্ৰাসবাদী কেইজনে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।