প্ৰতিবাদৰ সন্মুখত নতশিৰ হাছিনাৰ পদত্যাগ, দেশ এৰি পলায়ন

ডিজিটেল ডেস্কঃ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পদত্যাগ পত্ৰ প্ৰদান কৰি দেশ এৰি পলায়ন কৰিবলগীয়া হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দেশখনৰ সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰাৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভগ্নীৰ সৈতে দেশ এৰে শ্বেখ হাছিনাই।

ইয়াৰ পূৰ্বে শ্বেখ হাছিনাই দেশ এৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে তেওঁৰ চৰকাৰী ৰাজভৱনত শ শ প্ৰতিবাদকাৰীয়ে ধুমুহাৰ সৃষ্টি কৰিছিল। বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে এঘণ্টাৰ পাছত দেশক সম্বোধন কৰাৰ সম্ভাৱনা আছে। তেওঁ বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীৰে সাব্যস্ত হোৱা হিংসাত্মক প্ৰতিবাদত দেওবাৰৰ দিনটোতে ৯৫ জনকৈ লোকৰ মৃত্যু ঘটিছিল। হাছিনাৰ পদত্যাগৰ দাবীৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীসকলে ঢাকালৈ সমদল বাহিৰ কৰিছিল।

ইফালে দেশখনত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত ব্ৰডবেণ্ড সেৱাকে ধৰি ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। সমান্তৰালভাৱে ফেচবুক, হোৱাটছএপ, মেচেঞ্জাৰ, ইনষ্টাগ্ৰামকে ধৰি মেটাৰ সকলো প্লেটফৰ্ম নিষিদ্ধ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত তিনিদিনৰ বন্ধ ঘোষণা কৰা হৈছে।

জুলাই মাহত চৰকাৰে চৰকাৰী চাকৰিত থকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক কোটা ঘোষণা কৰাৰ পৰাই আৰম্ভ হৈছিল ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। উচ্চতম ন্যায়ালয়ৰ এটা আপীল বিভাগে এই নিৰ্দেশ খাৰিজ কৰাৰ পিছতো প্ৰতিবাদ শাম নাকাটিল। শ্বেখ হাছিনাই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক দেশদ্ৰোহী বুলি অভিহিত কৰাৰ পিছতে প্ৰতিবাদে অধিক ভয়াবহ ৰূপ লয়।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…