
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আগতেই একাধিক অভিলাষী আঁচনিৰ ঘোষণা কৰে। ইয়াৰে মূল ঘোষণাসমূহ হৈছে—
১. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন ঘৰ:
- অসমলৈ ৩ লাখ ৮০ হাজাৰ নতুন ঘৰৰ অনুমোদন দিয়া হৈছে।
- প্ৰথম কিস্তিৰ ধন বিতৰণ ১৯ মাৰ্চত পলাশবাৰীত বিতৰণ হ’ব।
- এতিয়ালৈ ২২ লাখ পৰিয়ালে এই যোজনাৰ সুবিধা লাভ কৰিছে।
- নতুনকৈ জিঅ’-টেগিং প্ৰক্ৰিয়া ১৭ৰ পৰা ৩১ মাৰ্চলৈ ‘জীৱিকা সখী’ৰ সহায়ত কৰা হ’ব। ইয়াত পৰিয়ালে নিজেও ঘৰ টেগ কৰিব পাৰিব।
২. মহিলা উদ্যমিতা আঁচনি:
- মহিলা স্ব-সহায়ক গোটে ১০,০০০ টকাৰ পৰা ৫০,০০০ টকলৈ ঋণ পাব। চৰকাৰে ৫০% ঋণৰ জামিন দিব।
- ৩য় বা ততোধিক সন্তান থকা মহিলা বাদে; কিন্তু এছটি/এছচি, মৰাণ, মটক, চাহ জনগোষ্ঠীৰ মহিলাৰ বাবে ৪ সন্তানলৈ সুবিধা থাকিব।
- ৩১ মাৰ্চলৈ চূড়ান্ত তালিকা প্ৰস্তুত কৰি ১ এপ্ৰিলত বিহালী সমষ্টিত প্ৰথম কিস্তি বিতৰণ হ’ব।
৩. পলিটেকনিক প্ৰৱক্তাৰ চাকৰিৰ বিষয়:
- ২০১৭ চনত নিযুক্তি পোৱা অংশকালীন প্ৰৱক্তাৰ ভিতৰত ১৪৭ জনক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁলোকে নিযুক্তি পৰীক্ষা দিব লাগিব।
- ঠিকাভিত্তিক নিযুক্তি নিষিদ্ধ কৰাৰ পিছতো বয়সৰ চৰ্ত শিথিল কৰাৰ আশ্বাস দিয়া হৈছে।
- তিনিখন নতুন পলিটেকনিক স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
অমিত শ্বাহৰ ভ্ৰমণৰ তাৰিখ:
- ১৪ মাৰ্চ: যোৰহাটত উপস্থিতি, লাচিত বৰফুকন আৰক্ষী একাডেমীত নৈশযাপন।
- ১৫ মাৰ্চ: একাডেমীৰ নৱনিৰ্মিত ভৱন উদ্বোধন, তাৰপিছত মিজোৰামলৈ গৈ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কাৰ্যসূচীত অংশগ্ৰহণ।
- ১৬ মাৰ্চ: কোকৰাঝাৰৰ দোতমাৰ এবছুৰ অধিৱেশনত যোগদান, সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক।