প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ আৰএছএছ নেতা লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি

গোলাব চান্দ কাটাৰীয়াক ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল৷ কিন্তু মাথো ১৬ মাহ পাছতে অসমৰ ৰাজ্যপাল সলনি কৰা হ’ল৷ অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক পঞ্জাৱৰ ৰাজ্যপাল কৰা হৈছে৷ অসমৰ নতুন ৰাজ্যপাল নিযুক্ত দিয়া হৈছে লক্ষ্মণপ্রসাদ আচাৰ্যক। ভাৰতীয় জনতা পাৰ্টি গঠনৰ সময়ৰ পৰাই বিজেপি সক্ৰিয় লক্ষ্মণপ্রসাদ আচাৰ্য৷ লক্ষ্মণপ্ৰসাদ আচাৰ্য হৈছে উত্তৰ প্ৰদেশ বিজেপি আৰু আৰএছএছৰ নেতা৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘৰ নেতা আৰু এতিয়াৰ বিজেপিৰ নেতা লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ৷ ১৯৯০ত লক্ষ্মণ প্ৰসাদ আচাৰ্য বিজেপিৰ বাৰাণসী সংমণ্ডলৰ সভাপতি আছিল। ১৯৯৫ত বিজেপিৰ অবিভক্ত বাৰাণসীৰ সাধাৰণ সম্পাদক আছিল। ১৯৯৬ত আচাৰ্যক বাৰাণসী জিলা বিজেপিৰ জিলা সভাপতি কৰা হৈছিল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙ চৰকাৰৰ মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ কৰা হৈছিল। ২০০২ত আচাৰ্যই বিজেপিৰ কাশীক্ষেত্ৰৰ দায়িত্বত আছিল। ২০০৪ত উত্তৰ প্ৰদেশৰ বিজেপি অনুসূচিত জাতি-জনজাতি কোষৰ ৰাজ্যিক সভাপতি পদত দিয়া হৈছিল৷

২০১৭ৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ সময়ত কাশীক্ষেত্ৰ বিজেপিৰ সভাপতি আছিল। কাশীক্ষেত্ৰৰ ১৬ জিলাত বিজেপিয়ে ৭১খন আসনৰ ভিতৰত ৫৪খন আসন লাভ কৰিছিল। ২০১৮ চনত আচাৰ্যই বিজেপি উত্তৰ প্ৰদেশৰ উপ-সভাপতিৰ পদ লাভ কৰিছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ বাৰাণসী সমষ্টিৰ আহ্বায়ক আছিল। ২০২০ৰ আগষ্ট মাহত লক্ষ্মণ প্ৰসাদ আচাৰ্য উত্তৰ প্ৰদেশৰ উচ্চ সদনলৈ নিৰ্বাচিত হোৱাই নহয় সদনত উপ-নেতা নিযুক্ত হৈছিল। ২০২১ চনৰ ১৫ জানুৱাৰীত আচাৰ্যক দ্বিতীয়বাৰৰ বাবে সদনৰ উপ-নেতা হিচাপে নিযুক্তি দিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চ সদনৰ পৰা পদত্যাগ কৰি ছিক্কিমৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল৷

  • Related Posts

    ভাৰত-পাকিস্তান উত্তেজনা: জম্মু, ৰাজস্থান, পঞ্জাৱত পাকিস্তানৰ ড্ৰোন-মিছাইল আক্ৰমণ

    ভাৰতৰ দ্বাৰা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী ঘাঁটিত কৰা আক্ৰমণৰ ঠিক পিছতে বৃহস্পতিবাৰে পাকিস্তানে জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও অঞ্চলত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতে তৎক্ষণাত নিজৰ বায়ু-প্ৰতিৰক্ষা…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে