পৰীক্ষা বাতিল, ৩.৩২ লাখ পৰিক্ষাৰ্থীৰ সৈতে হেতালি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতহে সংশোধিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব। আজি পৰিষদে উল্লেখ কৰি কয় যে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া পাঁচটা পৰীক্ষা চৰকাৰে বাতিল কৰা হৈছে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কেইবা হাজাৰ অভিভাৱক অনিশ্চিয়তাত ভূগিছে৷ লাখ লাখ পৰিক্ষাৰ্থীয়ে দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত পৰীক্ষা বহিবলৈ সাজু হৈ আছিল যদিও অনিশ্চয়তাত সময় পাৰ কৰিছে। প্ৰায় ৩.৩২ লাখ শিক্ষাৰ্থীয়ে শিক্ষা বিভাগৰ স্পষ্টতাৰ বাবে অনিশ্চিত শৈক্ষিক ভৱিষ্যতৰ দিশে আগবাঢ়িছে৷ প্ৰশ্নকাকত লিক গোচৰ সন্দৰ্ভত চিআইডিত এটা গোচৰ ৰুজু কৰিছে পৰিষদে। দ্ৰুততাৰে পাঁচ জনীয়া চিআইডিৰ দলে বিষয়টো তদন্ত কৰিবলৈ আজি পৰিষদৰ কাৰ্যালয়লৈ গৈছিল। দলটোৱে পৰীক্ষা নিয়ন্ত্ৰকক কাকত ফাদিল সম্পৰ্কে জেৰা কৰিছিল বুলি জানিব পৰা গৈছে৷ কাকত ফাদিল কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত দিয়ে চিআইডিয়ে। ইফালে, প্ৰশ্নকাকত বাতিল কৰাৰ সন্দৰ্ভত কেইবাখনো বিদ্যালয় চিনাক্ত কৰা হৈছে। ধেমাজি জিলাৰ ছয়খন বিদ্যালয় পৰীক্ষাৰ কাকত লিকত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

  • Related Posts

    দীপাংকি চৌধুৰী, চম্পক শৰ্মাক সম্বৰ্ধনা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

    ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডত বিনামূলীয়া সেৱা আগবঢ়োৱা দুগৰাকী লোকক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে৷ দক্ষিণ কোৰিয়াৰ সংস্থা নিউৰেপা বায়’টেকন’লজিৰ নগাঁও শাখাৰ স্বত্বাধিকাৰী দীপাংকি চৌধুৰী আৰু নিউৰেপা…

    মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাজু চেত্ৰী

    ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰথমগৰাকী প্ৰাৰ্থী ঘোষণা কৰিলে। শিৱসাগৰৰ বিধায়ক আৰু দলৰ সভাপতি অখিল গগৈয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যুৱ নেতা ৰাজু চেত্ৰীক দলৰ চৰকাৰী প্ৰাৰ্থী হিচাপে ঘোষণা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!