
হাইলাকান্দিঃ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সমৰ্থন কৰি ভাৰততো তেনে পৰিস্থিতিৰ সৃষ্টি কৰাৰ আহ্বান জনাই গ্ৰেপ্তাৰ হ’ল হাইলাকান্দিৰ এজন যুৱক। ধৃত যুৱকজনৰ নাম ৰেজুৱান উল্লাহ মাজাৰভূঞা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে লালা থানাৰ অন্তৰ্গত ৰংপুৰৰ ৫ নং ৱাৰ্ডত থকা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।
উল্লেখ্য যে বাংলাদেশৰ অশান্তিকৰ পৰিস্থিতিৰ সমৰ্থনত ৰেজুৱানে ফেচবুক পোষ্টত বাংলা ভাষাত লিখিছিল, “বাংলাদেশৰ পিছত এতিয়া ভাৰতৰ পাল। বাংলাদেশৰ প্ৰভাৱ অতি সোনকালে অসমত প্ৰত্যক্ষ হ’ব।” একেটা পোষ্টৰ পৰৱৰ্তী মন্তব্যত তেওঁ উগ্ৰপন্থী সংগঠন আল কায়দাৰ সৈতেও লিংকৰ কথা উল্লেখ কৰে।
গ্ৰেপ্তাৰৰ পিছতে এতিয়া আৰক্ষীয়ে যুৱকজনৰ সন্ত্ৰাসবাদী সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছে।
উল্লেখযোগ্য যে বাংলাদেশত হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদৰ পৰা পদত্যাগ কৰি দেশৰ পৰা ভাৰতলৈ পলায়ন কৰে। ইয়াৰ পিছতে চুবুৰীয়া দেশখনত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ খবৰ ভাৰতৰ মিডিয়া চেনেলত প্ৰকাশ পাইছে।
লক্ষণীয় যে, শ্বেখ হাছিনাৰ পলায়নৰ পিছতে বৃহস্পতিবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে শপত গ্ৰহণ কৰে।এই চৰকাৰৰ নেতৃত্বত থাকিব নোবেল বিজয়ী ড০ মহম্মদ ইউনুছ।