অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও মোবাইল অফ কৰি আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে।
মানি ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে চুমি বৰাৰ বিৰুদ্ধে। প্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে
মানি ট্ৰেডিঙৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছিল চুমিৰ নাম।
সম্পৰ্কীয় ভাতৃ বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে
নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। মহানগৰীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান যদিও ফ্লেটত নাছিল চুমি বৰা।
চুমি বৰাই মোবাইল অফ কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সম্পৰ্কীয় ভাতৃ বিশাল ফুকনে চুমিয়ে ৰাজস্থানত পতা ডেষ্টিনেচন ৱেডিঙত কেবা কোটি টকা খৰচ কৰিছিল।
