
লখিমপুৰৰ নামঘৰত গৰুৰ কটা মূৰ উদ্ধাৰক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। হিন্দু বনাম মুছলমানৰ মেৰুকৰণেৰে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টাত নামি পৰিছে একাংশ। এনে সময়তে উত্থাপন হৈছে বিজেপি আৰু আৰএছএছৰ হিন্দুত্ববাদৰ প্ৰসংগও। এই বিষয়কে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত শানিত বান চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। আৰএছএছক সমালোচনা কৰি গৌৰৱে কয়, “আৰএছএছে লিখা ষ্ক্ৰিপ্ট মই অনুসৰণ নকৰো। যিটো সংগঠনে ভাৰতৰ স্বাধীনতা আন্দোলনত এটাও অৰিহণা যোগোৱা নাই, যাৰ এজনো স্বাধীনতা সংগ্ৰামী নাই, সেই সংগঠনে মোক কোনো নিৰ্দেশনা দিয়াৰ প্ৰয়োজন নাই।” লক্ষ্যণীয়ভাৱে, বিজেপিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনাধ্যক্ষৰ দৰে গগৈয়ে আৰএছএছক সমালোচনা কৰা বুলি দাবী কৰাৰ পিছতে এইদৰ কটুক্তি কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, “তেওঁলোকে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰিব। দেশৰ স্বাৰ্থত সঁচা কথা কোৱাটো মোৰ কৰ্তব্য।” ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বিতৰ্কিত মন্তব্যকো গগৈয়ে তীব্ৰ গৰিহণা দিয়ে। লখিমপুৰৰ নামঘৰত গো-মাংস উদ্ধাৰ হোৱাৰ প্ৰসংগত অবিবেচক মন্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে কৈছিল, “কোনোবাই যদি কোনো মন্দিৰত গো-মাংস পেলায়, তেন্তে আপোনালোকেও তেওঁলোকৰ ধৰ্মীয় স্থানত গাহৰিৰ মাংস পেলাব লাগে।” এই মন্তব্যক লৈ ৰাজ্যজুৰি বিয়পি পৰিছে ধৰ্মীয় উত্তেজনা। এই প্ৰসংগত গগৈয়ে কয়, “প্ৰকৃত হিন্দুসকলে কেতিয়াও আন ধৰ্মক অপমান নকৰে। মুখ্যমন্ত্ৰীয়ে হিন্দু ধৰ্মৰ প্ৰকৃত সাৰমৰ্ম বুজি পোৱা নাই।” লগতে তেওঁ কয়, “চৰকাৰে ধৰ্মীয় প্ৰৰোচনাৰ জৰিয়তে নিৰ্বাচনী ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সাধাৰণ ৰাইজে এই কথা বুজি পাইছে।” শেহতীয়াকৈ অসমত ধৰ্মীয় আৰু ৰাজনৈতিক উত্তেজনাই শিখৰত উপনীত হৈছে। ইজনৰ পিছত সিজন নেতাই দিয়া উচটনিমূলক মন্তব্যক লৈ বিভিন্ন মহলত উদ্বেগ বাঢ়িছে। এনে পৰিস্থিতিত গৌৰৱ গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়াই ৰাজ্যৰ ৰাজনীতিত এক নতুন মাত্ৰা সংযোজন কৰিছে। গৌৰৱ গগৈয়ে লখিমপুৰ জিলা ভ্ৰমণ কৰে৷ লখিমপুৰ জিলাৰ আমতলা পানীগাঁৱৰ মথাউৰি ভঙাৰ ফলত প্ৰায় ১০-১২ খন গাঁও বানৰ কবলত পৰি গৃহহীন হোৱা পৰিলায়ক সাক্ষাৎ কৰে৷ গৌৰৱ গগৈয়ে গৃহহীন লোকসকলক সাক্ষাৎ কৰি কয় যে সম্প্ৰতি জৰুৰীকালীন সাহায্য অতিকৈ প্ৰয়োজন৷ আমি এই সমস্যাৰ দীৰ্ঘকালীন আৰু স্থায়ী সমাধানৰ দিশে অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী। জৰুৰী সাহায্যই সাময়িক উপশমহে দিব পাৰে। কেৱল দীৰ্ঘম্যাদী আন্তঃগাঁথনিগত পৰিৱৰ্তনেহে এই যন্ত্ৰণাৰ পৰা ৰাইজক স্থায়ী উপশম দিব পাৰিব। লগতে গৌৰৱ গগৈয়ে প্ৰয়াত প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাৰ হাৰমতিস্থিত ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ দুখৰ সমভাগী হয়৷ সঞ্জয় ৰাজ চুব্বাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ লখিমপুৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ গৌৰৱ গগৈয়ে পুঁজিপতিক মাটি গতাব লোৱাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক তীব্ৰ আক্ৰমণ কৰি কয় যে এদিন মুখ্যমন্ত্ৰীয়ে কৈছিল যে নিজৰ সকলো সম্পত্তি দান কৰিব৷ যদি দানেই দিব লাগে তেন্তে কোকৰাঝাৰৰ বড়ো মানুহৰ মাটি, ডিমা হাচাওৰ ডিমাচাৰ মাটি, কাৰ্বি আংলঙৰ কাৰ্বি মানুহৰ মাটি কিয় লৈছে, নিজৰ মািটিখিনিয়েই দান দিলে হ’ল৷ মামা-মামী, আদানীয়ে চব মাটি কিনি থয় তেন্তে বড়ো, ৰাভা, কাৰ্বি, সোণোৱাল মানুহবোৰ ক’লৈ যাব৷ মুখ্যমন্ত্ৰীয়ে মাটি দান দিম বুলি কৈছিল৷ তেওঁ নজিৰ ল’ৰাক মাটি দান দিব নেকি? সেই মাটি আদানীক দিয়ক৷ তেতিয়া বড়ো, কাৰ্বি, ডিমাচাসকল শান্তিত থাকিব৷ অসমৰ মাটি বিক্ৰী কৰিব নিদিও বুলি হুংকাৰ দি গৌৰৱ গগৈয়ে কয় যে এয়া অসমৰ জনজাতীয় মানুহৰ মাটি৷ এয়া কাৰো ব্যক্তিগত সম্পত্তি নহয়৷