

মঙলবাৰে কেৰালাৰ ৱায়ানাডৰ মেপ্পাডিত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে নেৰা-নেপেৰা বৰষুণৰ পাছতে ভূমিস্খলনৰ ফলত নিহতৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি পাইছে। ভূমিস্খলনত বহু সংখ্যক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।
উদ্ধাৰ অভিযানৰ সময়ত ২৫০ ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। এশৰো অধিক আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দুৰ্ঘটনা সন্ধানহীন লোকৰ সংখ্যাও ৯৮জন বুলি উল্লেখ কৰিছে৷
পূৰ্বে কেৰালাৰ মুখ্য সচিব ড০ ভি ভেনুৱে কয় যে পৰিস্থিতি গুৰুতৰ। ৭০ টাতকৈও অধিক মৃতদেহ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
কেৰালা চৰকাৰৰ বন মন্ত্ৰী এ কে শশীধৰণে কয় এন ডি আৰ এফৰ দল উদ্ধাৰৰ কামত নিয়োজিত হৈছে। সেনাৰ দলেও কাম কৰা আৰম্ভ কৰিছে। মঙলবাৰে, ৱায়ানাডত ভূমিস্খলন সন্দৰ্ভত সংসদত আলোচনা কৰা হয়। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সাহায্যৰ কামৰ বিষয়ে কথা পাতে। এনডিআৰএফ, কান্নুৰ প্ৰতিৰক্ষা সুৰক্ষা বাহিনী আৰু বায়ু সেনাৰ হেলিকপ্টাৰে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য বাধাৰ সন্মুখীন হৈছে।