বনকৰ্মীৰ গুলীত মহিলা আহত হোৱা কাণ্ডক চিপিআইএমৰ নিন্দা

২৯ অক্টোবৰত লামডিং বনাঞ্চলৰ অন্তৰ্গত নখুঁটি বীটৰ বনকৰ্মীয়ে মহিলাৰ দলৰ ওপৰত গুলী চলোৱাত খুদেজা খাতুন নামৰ মহিলাএগৰাকী গুৰুতৰভাৱে আহত হয়৷ চিপিআইএমৰ অসম ৰাজ্যিক কমিটিয়ে এই পাশৱিক ঘটনাক তীব্ৰ নিন্দা কৰিছে৷ লামডিং বনাঞ্চলৰ লগত সংলগ্ন নখুঁটিৰ ২ নং দেবেন গাঁৱৰ দুখীয়া মহিলাসকলে বনাঞ্চলত পৰি থকা খৰি নিয়মিত বুটলি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰে। ২৯ অক্টোবৰত আঠগৰাকী মহিলাই অইন দিনাৰ দৰে সিদিনাখনো বনাঞ্চলত পৰি থকা খৰি বুটলিবলৈ যায়৷ মহিলা দলটোৰ ওপৰত বনকৰ্মীয়ে বিনা প্ৰৰোচনাত যধে-মধে গুলীচালনা কৰে৷ গুলীচালনাৰ ফলত খুদেজা খাতুন নামৰ প্ৰায় ৪০ বছৰ বয়সীয়া এগৰাকী দুখীয়া পৰিয়ালৰ মহিলা গুৰুতৰভাৱে আহত হয়৷ প্ৰথম অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও গুৰুতৰ আঘাতলৈ লক্ষ্য ৰাখি বৰ্তমান গুৱাহাটীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ চিপিআইএমৰ অসম ৰাজ্যিকে বনবিভাগৰ এনে বেআইনী আৰু আসুৰিক ভূমিকাক তীব্ৰ নিন্দা কৰিছে আৰু ঘটনাৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে৷ লামডিং বনাঞ্চলত বনবিভাগৰ অসাধু বিষয়া-কৰ্মচাৰীয়ে চোৰাং কাৰবাৰীৰ সৈতে জড়িত হৈ বনাঞ্চল ধ্বংসত লিপ্ত হৈ আছে৷ অথচ বনাঞ্চলৰ কোনো হানি নকৰাকৈ খৰি বুটলিবলৈ যোৱা স্থানীয় দুখীয়া নিৰীহ মহিলাৰ ওপৰত নিৰ্বিচাৰে গুলি চলাইছে৷ এইদৰেই ৰাজ্যত চলিছে অৰাজকতা, আইন-শৃংখলাহীনতা আৰু স্বৈৰাচাৰী শাসন। চিপিআইএমে আহত মহিলাগৰাকীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰা আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে দোষী বনকৰ্মী তথা বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…