
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ৰাজহুৱা স্থানত হাতত হেণ্ডকাফ লগাই ঘুৰাই-ফুৰোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই সামাজিক মাধ্যমত এটা পোষ্ট দি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পলাশ চাংমাই বহিৰাগত ব্যৱসায়ীক ৰক্ষণা-বেক্ষণ দি অসমীয়া যুৱকক সন্ত্ৰাসবাদীৰ দৰে হাতত হেণ্ডকাফ লগোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ পলাশ চাংমাই দীঘলীয় ফেচবুক পোষ্টত কয় যে দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাতত সন্ত্ৰাসবাদীৰ দৰে হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰাইছে। আৰক্ষীৰ এনে কাৰ্যক আমি গৰিহণা দিছো। দুলীয়াজানত এটা তেল ডিপোক কেন্দ্ৰ কৰি দুদল অনা-অসমীয়া হিন্দীভাষী লোকৰ মাজত সংঘাত হৈছিল। সংঘাতত শংকৰজ্যোতি বৰুৱাক সাঙুৰা হৈছে। সংঘাতৰ বাতৰি বিয়পি পৰাৰ পিছত শংকৰে তেওঁ এই কাজিয়া বা মাৰপিটত নাই বুলি স্পষ্ট কৰি দিছিল। আনকি কাজিয়াৰ ভিডিঅ’টোত শংকৰে কোনো লোকক মাৰপিট কৰা বা দাবী ধমকি দিয়াৰ কোনো তথ্য নাই। আমি শংকৰজ্যোতি বৰুৱা নিৰ্দোষী বুলিও কৈ দিব বিছৰা নাই। তেওঁ দোষী নিৰ্দোষী সেয়া আইনে বিচাৰ কৰিব। কিন্তু কাজিয়াই আৰক্ষী থানা পোৱাৰ পিছত শংকৰজ্যোতি বৰুৱা নিজে আৰক্ষী থানাত উপস্থিত হোৱা দেখা পোৱা গৈছে। তেনেস্থলত শংকৰক উক্ত কাজিয়াৰ সৈতে জড়িত কৰি তেওঁৰ ওপৰত গোচৰ দিয়াই নহয়, তেওঁক পেছাদাৰী অপৰাধী বা সন্ত্ৰাসবাদীৰ দৰে হাতত হেণ্ডকাফ লগাই থানাই আদালতে ঘূৰাই ফুৰিছে। আৰক্ষীয়ে বহিৰাগতক ৰক্ষণাবেক্ষণ দি এগৰাকী অসমীয়া যুৱকক কৰা এনে কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এয়া আইন বিৰোধীও হয়। কিয় শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে পূৰ্বে ৰেকৰ্ড থকা পেছাদাৰী অপৰাধী বা সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰিলে তাৰ জবাব দুলিয়াজান আৰক্ষীয়ে দিব লাগিব বুলি কঠোৰ বাৰ্তা দিয়ে চাংমাই৷ অইল ইণ্ডিয়া লিমিটেডে অসমত লাখ লাখ নিবনুৱা থাকোতে কিয় উত্তৰ প্ৰদেশৰ এজন লোকক তেল ডিপো লীজত দিব লগা হ’ল বুলি প্ৰশ্ন কৰি পলাশ চাংমাই আৰু কয় যে অইল অপাৰেশ্বন এলেকাৰ বাহিৰৰ অসমীয়া ছাত্ৰ-ছাত্ৰী, অসমীয়া নিবনুৱাক সুবিধা দিব নিবিচৰা অইলে বহিৰাগত অনা-অসমীয়াক কিয় সংস্থাপন দিছে? এই প্ৰশ্নসমূহৰ উত্তৰ অইলে দিব লাগিব। দুলীয়াজানৰ বিএন সিং তেল ডিপোৰ লীজ চুক্তি অনতিবিলম্বে বাতিল কৰিবলৈ আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক দাবী জনালো। তেলৰ ডিপো লীজত দিব লাগে যদি অসমীয়া নিবনুৱা যুৱক-যুৱতীক দিয়ক অন্যথা অসমৰ দল-সংগঠনৰ সহযোগত এই তেল ডিপো বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই কথা আমি সকিয়াই দিলো। দুলীয়াজানত শংকৰজ্যোতি বৰুৱাৰ জনপ্ৰিয়তা আৰু ভৱিষ্যতৰ দিনত কোনো ৰাজনৈতিকভাৱে ক্ষমতাশালী লোকৰ প্ৰতিদ্বন্দ্বী হোৱাৰ আশংকাত শংকৰজ্যোতি বৰুৱাক এটা শক্তিশালী পক্ষই নিশেষ যে কৰিব বিচাৰিছে এয়াও তাৰ ইংগিত।