ৰঙিয়াত একাংশ ঘনিষ্ঠ বিজেপি নেতাই ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজনক হত্যা কৰি পুখুৰীত মৃতদেহ পেলাই দিয়াৰ অভিযোগে সমগ্ৰ ৰঙিয়া অঞ্চলক উত্তপ্ত কৰি ৰাখিছে৷ কালি এটা পুখুৰীত উদ্ধাৰ হোৱা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৰঙিয়াৰ ঘৰলৈ অনাৰ পিছতে শ-শ ৰাইজ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত ৰঙিয়া চহৰ স্তদ্ধ হৈ পৰে৷ কিন্তু ৰাইজে তেতিয়াই বেছি উগ্ৰমূৰ্তি ধৰে যেতিয়াই ৰাইজৰ সমাৱেশ আৰু আন্দোলনত বেআইনী ঘোষণা কৰে আৰক্ষী-প্ৰশাসনে৷ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ উচিত তদন্ত আৰু আটাইকেইনজ দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ কৰা ৰাইজৰ আন্দোলনক বেআইনী ঘোষণা কৰাত পৰিস্থিতি অত্যাধিক জটিল হৈ পৰে৷ ধৰ্মেন্দ্ৰৰ মৃতদেহ আজি বিয়লি ৰঙিয়ালৈ অনা হয়৷ ধৰ্মেন্দ্ৰ নাথক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব খোজে ৰাইজে৷ কিন্তু ৰাইজক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুবিধা নিদিলে প্ৰশাসন। বিয়লি ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্টি চ’কত সমৱেত কেইবা হাজাৰ লোকে ধৰ্মেন্দ্ৰ নাথৰ নশ্বৰ দেহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাবলৈ আকোৰগোজ হয়৷ প্ৰশাসনে সমাৱেশ বেআইনী ঘোষণা কৰে। প্ৰশাসনে কেইবা শতাধিক আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও উত্তেজিত জনতাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্ততে তীব্ৰ যান-জঁটৰ লাগে। যদিও প্ৰায় তিনিঘণ্টাৰো অধিককাল সমগ্ৰ পৰিস্থিতিক লৈ চেপা উত্তেজনাই বিৰাজ কৰে। অৱৰোধ স্থলীত ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ আহি পোৱাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰাক্তন বিধায়ক অনন্ত ডেকা, সমাজকৰ্মী নৃপেন নাথকে প্ৰমুখ্য কৰি কেবাগৰাকী সমাজ সচেতন ব্যক্তিৰ তৎপৰতাত দীৰ্ঘসময় ধৰি চলা আলোচনাৰ অন্তত প্ৰতিবাদ কাৰীসকলৰ দাবী প্ৰশাসনে মানি লৈ প্ৰতিবাদক বে-আইনী ঘোষণা কৰা নিৰ্দেশ প্ৰত্যাহাৰ কৰে। প্ৰতিবাদী জনতাই শান্তিপূৰ্ণভাৱে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ লৈ বৰদল গাঁৱলৈ ৰাওনা হয় যদিও বাসগৃহ পোৱাৰ আগমুহূৰ্তত আন একাংশ উত্তেজিত জনতাই পথ অৱৰোধ কৰাত পুনৰ আৰক্ষীয়ে বহু কষ্ট কৰি পথ খালী কৰিবলগীয়া হয়৷ ধৰ্মেন্দ্ৰ নাথৰ হত্যাকাণ্ডত জড়িত মুখ্য অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য লহকৰক পাঁচ দিনৰ বাবে আৰক্ষীয়ে ন্যায়িক জিম্মাত লোৱাৰ পিছত যোৱা নিশা আন চাৰি অভিযুক্ত অনুষ্ময় কলিতা, মণি কাকতি, বিকি লহকৰ আৰু নিতুল কলিতাক কোঁচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি আন এজন অভিযুক্ত ধ্ৰুৱ মহন্তক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰঙিয়াৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। ধৰ্মেন্দ্ৰৰ পৰিয়াল তথা স্থানীয় ৰাইজক সাক্ষাৎ কৰি পৰিয়ালক ১০ লাখ টকা সাহায্য আগবঢ়োৱাৰ লগতে ঘটনাত জড়িত এজনো অপৰাধিয়ে ৰেহাই নাপাব বুলি নিশ্চয়তা প্ৰদান কৰি প্ৰশাসনক সকলো অভিযুক্তক শীঘ্ৰে কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰে। আনহাতে কামৰূপ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ নেতৃত্বত এটা দলে ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক সাক্ষাৎ কৰি এককোটি টকা ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ এজনক কৰ্মসংস্থাপন প্ৰদানৰ দাৱী উত্থাপন কৰে। মানৱ সভ্যতাক কলংকিত কৰি পিতৃ-মাতৃৰ বুকু শুদা কৰি ধৰ্মেন্দ্ৰ নাথৰ দৰে উঠি অহা যুৱক এজনক নিষ্ঠুৰতাৰে হত্যা কৰা ঘাতক বাহিনীয়ে প্ৰকৃততে উপযুক্ত শাস্তি লাভ কৰিবনে? নে আইনৰ সুৰুঙাৰে মুকলি হৈ সহস্ৰ সহস্ৰ প্ৰতিবাদী জনতাৰ অন্তৰৰ বেদনাক বৃদ্ধাংগুষ্ঠ কৰিব তাকে লৈ চিন্তিত ৰঙিয়াৰ ৰাইজ৷ বিজেপি নেতাই হত্যা কৰাৰ অভিযোগ উত্থাপিত ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি হৰেশ্বৰ বৰ্মনৰ নেতৃত্বত ৰাইজৰ দল উত্তৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়াৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্য সচিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে৷ পাৰদৰ্শি আৰক্ষী বিষয়াৰ দ্বাৰা আৰু ফাষ্ট ট্ৰেক আদালতত গোচৰ চলোৱাৰ দাবী৷ ৰঙিয়াৰ বৰদল গাঁৱৰ নিৰীহ যুৱক ধৰ্মেন্দ্ৰই ২৫ ডিচেম্বৰত ৰঙিয়াৰ খৈৰাবাৰীৰ মালধাপাৰাৰ আশ্ৰমত বনভোজ খাবলৈ গৈ বনভােজ খাই উভতি অহাৰ সময়ত বিজেপি নেতাৰ গাড়ীত বাইকেৰে খুন্দা মৰাৰ অভিযোগ উঠিছিল৷ সাধাৰণ কথাতে ধৰ্মেন্দ্ৰ নাথক বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল একাংশ বিজেপিৰ নেতাই৷ ধৰ্মেন্দ্ৰ নাথে প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। বিজেপিৰ নেতা অংশুমন কলিতা, হিমাংশু কাকতিসহ ১২জনে ২১ বছৰীয়া প্ৰহাৰৰ পাছতে ধৰ্মেন্দ্ৰ নাথ নিৰুদ্দেশ হৈ থাকে৷ ধৰ্মেন্দ্ৰ নাথক হত্যা কৰাৰ অভিযোগ আনিছিল আত্মীয়ই। পৰিয়ালটোৱে সেই নিশাই ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছিল যদিও আৰক্ষীয়ে বিজেপিৰ নেতা হোৱাৰ বাবে এজাহাৰ লোৱা নাছিল।
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…