বিজেপিৰ হিন্দু আৰু হিতাধিকাৰীৰ ৰাজনীতি আমি উফৰাই পেলামঃ কংগ্ৰেছত যোগদান কৰিয়েই গৰজি উঠিল অশোক শৰ্মা..

নলবাৰীঃ কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। শুকুৰবাৰে নলবাৰী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে শৰ্মাই। ইয়াৰ পিছতে বিজেপিৰ হিন্দু ৰাজনীতি আৰু হিতাধিকাৰী ৰাজনীতিক লৈ সৰৱ হৈ পৰে প্ৰাক্তন বিধায়কগৰাকী।

যোগদান কাৰ্যসূচীত দিয়া ভাষণত অশোক শৰ্মাই কয়, ”বিজেপিৰ হিন্দু ৰাজনীতি আৰু হিতাধিকাৰীৰ ৰাজনীতি আমি ২০২৬ৰ নিৰ্বাচনত উফৰাই পেলাম। মই যিদৰে দীৰ্ঘসময় ধৰি এটা দলৰ বাবে নিষ্ঠাসহকাৰে কাম কৰিছিল, সেইদৰেই মই এতিয়া কংগ্ৰেছৰ বাবে কাম কৰি বুথ পৰ্যায়ত দলক শক্তিশালী কৰিম।’’

চৰকাৰে প্ৰদান কৰা অনুদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পকেটৰ পৰা দিছে নেকি বুলি প্ৰশ্ন কৰি অশোক শৰ্মাই কয়, ”বিজেপিৰ সভাত মহিলাক দেখা যায়, তেওঁলোকক কোৱা হয়- সভালৈ নাহিলে অৰুণোদয় কাটিম। তেওঁলোকক কোৱা হয় যে তোমালোকে যদি অশোক শৰ্মাৰ লগত যোৱা তেন্তে তোমালোকৰ ঘৰৰ নাম কাটি দিম। মই কৈছো, তোমালোক আহিব নালাগে, এই চৰকাৰখন তোমালোকে কৰিছা, গতিকে ঘৰটো তোমালোকে লোৱা, তাত আপত্তি নাই। কিন্তু ঘৰটো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়া নাই। গতিকে তেওঁ দিয়া ঘৰ ল’বা কিন্তু ভোট তুমি আমাক দিবা।’’

আৰু দুবছৰ পিছতে বিজেপি চৰকাৰ অসমৰ পৰা উৎখাত হ’ব বুলিও মন্তব্য কৰে অশোক শৰ্মাই।

উল্লেখ্য যে, বিজেপিৰ হৈ সুদীৰ্ঘ কাল কাম কৰি অহা অশোক শৰ্মা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা নলবাৰী সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰি জয়লাভো কৰিবলৈ সক্ষম হৈছিল। কিন্তু ২০১৯ৰ নিৰ্বাচনত তেওঁৰ টিকট কাটি হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ জয়ন্তমল্ল বৰুৱাক টিকট প্ৰদান কৰাৰ পিছতে দলৰ ভিতৰত বিসম্বাদৰ উকমুকনি তোলে অশোক শৰ্মাই।

কংগ্ৰেছ আৰু অন্য দলৰ পৰা আহি বিজেপিত যোগদান কৰা ‘ন-বিজেপি’ৰ পৰা বাৰে বাৰে অপমানিত হোৱাৰ অভিযোগ তুলি শেহতীয়াকৈ বিজেপি এৰাৰ ঘোষণা কৰিছিল অশোক শৰ্মাই। ইয়াৰ পিছতে তেওঁ যোৱা ২ আগষ্টত বিজেপি ত্যাগ কৰে আৰু ৯ আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

 

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ