বিটিআৰৰ ওদালগুৰিত উভৈনদী অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ, সকীয়নি সঞ্জীৱ দাসৰ

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিটিআৰৰ ওদালগুৰি জিলাত অনুসূচিত জাতিৰ নামত বহু লোকে ভুৱা প্ৰমাণপত্ৰ উলিয়াই সুবিধা গ্ৰহণ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে এক বিবৃতি যোগে এই অভিযোগ উত্থাপন কৰি শীঘ্ৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত অভিযোগ দাখিল কৰাৰ হুংকাৰ প্ৰদান কৰিছে৷ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি সঞ্জীৱ দাসে কয় যে বিটিআৰৰ ওদালগুৰি জিলাত অনা-অনুসূচিত জাতিৰ একাংশ লোকে অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাৰ পেটত গোৰ মাৰিছে৷ জিলাখনত বৈশ্য, মেধি, তালুকদাৰ, মজুমদাৰ, ধৰ, বিশ্বাস, ভৌমিক, সিং আদি উপাধিধাৰী অনা-অনুসূচীত জাতিৰ লোকে বক্ৰ পথেৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে৷ এনে জাতিদ্ৰোহী কামত লিপ্ত হৈছে খোদ অনুসূচিত জাতি পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ গণ্ডগোলীয়া একাংশ লোক৷ ওদালগুৰি জিলাত অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থাক কব্জা কৰাটো মানি লোৱা নহ’ব বুলি ধমক দি দাসে কয় যে তথ্য মতে, জিলাখনত অনুসূচিত জাতিৰ লোক নোহোৱাৰ পিছতো বহু লোকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰি, ঠিকা-ঠুকলি, শিক্ষা আদিৰ সংৰক্ষণৰ সুবিধা ভোগ কৰি আহিছে৷ অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাৰ পেটত গোৰ মাৰি চাকৰি, শিক্ষাৰ সুবিধা লৈ থকা লোকসকলক চিনাক্ত কৰাৰ দায়িত্ব লাভ কৰা জাতিৰ ঠিকাদাৰসকল টকাৰ লোভত বিক্ৰী গৈছে৷ ওদালগুৰি জিলাত ৰাজ্য চৰকাৰৰ অনুমোদিত সংস্থা অনুসূচীত জাতি পৰিষদত বৃহৎ দুৰ্নীতি-অনিয়ম এতিয়া গোপন হৈ থকা নাই৷ বিভিন্ন লোকৰ অভিযোগৰ ভিত্তিত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে জিলাখনত চৰজমিন তদন্ত আৰম্ভ কৰিব বুলি কৈ কয় যে বিভিন্ন জনে দি অহা অভিযোগসমূহক গুৰুত্বসহকাৰে লৈ এই দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে কাম কৰিবলৈ সাজু হৈছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ৷ ওদালগুৰি চহৰৰ মহেন্দ্ৰ দাসক সভাপতি আৰু হৰেকৃষ্ণ মণ্ডলক সম্পাদকৰ দায়িত্ব দি অনুসূচিত জাতি পৰিষদৰ ওদালগুৰি জিলা সমিতি গঠন কৰা হৈছিল। সভাপতি মহেন্দ্ৰ দাস অসুস্থ আৰু সিমিতিৰ কাৰ্যকাল কেতিয়াই সমাপ্ত হৈছে৷ তাৰ পিছতো ম্যাদ উকলি যোৱা সমিতিখনৰ নিজকে সম্পাদক বুলি পৰিচয় দি হৰেকৃষ্ণ মণ্ডল জিলাখনত অনুসূচিত জাতি পৰিষদত উঠি-ৰজা বহি ৰজা হৈ আহিছে৷ ম্যাদ উকলি যোৱা সমিতিখনক লৈয়ে হৰেকৃষ্ণ মণ্ডল আৰু ধৰ্মেশ্বৰ বৰাই দায়িত্ব পালন কৰি থকাৰ অন্তৰালত আছে বৃহৎ ধনৰ অংক৷ এই কথা ইতিমধ্যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদক বিভিন্ন জনে অৱগত কৰিছে৷ প্ৰমাণপত্ৰ প্ৰদানৰ সময়ত অনুসূচিত জাতিৰ লোক হয় নে নহয় সেয়া চিনাক্তকৰণত খেলি-মেলি কৰা হৈছে৷ সমিতিখনে এতিয়ালৈ কিমানখন প্ৰমাণপত্ৰ অনুমোদন দিলে সেই তথ্য মজুত নাই৷ অনুসূচিত জাতি পৰিষদৰ ওদালগুৰি জিলা সমিতিত হৰেকৃষ্ণ মণ্ডল সম্পাদক পদত থকাৰ সময়ৰ কোনো তথ্যয়েই নাই। শিক্ষক হৰেকৃষ্ণ মণ্ডলে দুয়োটা কাৰ্যকালত কিমান জাতিৰ প্ৰমাণপত্ৰ অনুমোদন দিলে আৰু মুঠ কিমান টকা সংগ্ৰহ কৰিলে ইয়াৰো তথ্য নাই বুলি কয় সংগঠনটোৱে৷ অনুসূচিত জাতি পৰিষদৰ আঞ্চলিক সমিতিসমূহে নজনাকৈ জাতিৰ প্ৰমাণপত্ৰ অনুমোদন দিয়াৰ বিস্ফোৰক অভিযোগ আনি কয় যে জিলাখনৰ বহু সন্দেহজনক অনা-অনুসূচিত জাতিৰ লোকক অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ অনুমোদন দিয়াৰ ফলত বৈশ্য, মেধি, তালুকদাৰ, মজুমদাৰ, ধৰ, বিশ্বাস, ভৌমিক, সিং আদি উপাধিধাৰী লোকৰ হাতত প্ৰমাণপত্ৰ পৰিছে৷ এনে অভিযোগ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদক একাধিকে দিছে৷ ধন লৈ এনে জাতিধ্বংসী কামত লিপ্ত হোৱা কাৰ্যক আমি ভাষাৰে গৰিহণা। যিটো সময়ত অনুসূচিত জাতিৰ সংগঠনসমূহে ভুৱা জাতিগত প্ৰমাণপত্ৰ খাৰিজ কৰিবলৈ উঠি পৰি লাগিছে। তেনে সময়ত ৰক্ষকেই ভক্ষকৰ ভাও লৈছে ম্যাদ উকলা অনুসূচিত জাতি পৰিষদৰ ওদালগুৰি জিলা সমিতিখনে৷ এয়া মানি লোৱা নহ’ব৷ এই সন্দৰ্ভত শীঘ্ৰে অসম আৰক্ষী তথা অপৰাধ অনুসন্ধান শাখাত অভিযোগ দাখিল কৰা হ’ব। ওদালগুৰি আৰু ভেৰগাঁও দুয়োখন জিলা সমিতিয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে। ভেৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি গৌৰাংগ দাসেও বহু অনা-অনুসূচিত জাতিৰ লোকক ব্যক্তিগত মুনাফাৰ বাবে জাতিৰ প্ৰমাণপত্ৰ দি অহাৰ অভিযোগ পোৱা গৈছে৷ ওদালগুৰি মহকুমা অনুসূচিত জাতি উন্নয়ণ বৰ্ডৰ ভৌমিক উপাধিধাৰী সভাপতিজনৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাত অভিযোগ দাখিল কৰা হৈছে৷ ওদালগুৰি জিলাত অনুসূচিত জাতিৰ অধিকাৰ হনন সহ্য কৰা নহ’ব৷ বিবৃতিত জিলাখনত ভুৱা প্ৰমাণপত্ৰ হ্যৱহাৰ কৰি থকাসকলক চিনাক্ত কৰিবলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে যুঁজ দি যাব বুলি ঘোষণা কৰিছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে