
দিছপুৰ আৰক্ষীয়ে বিতৰ্কিত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাক গ্ৰেপ্তাৰ কৰিছে। ফেচবুকত অসমৰ শিল্পীসমাজৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগত তেওঁৰ বিৰুদ্ধে শিল্পী সমাজে গোচৰ ৰুজু কৰিছিল। বুধবাৰে দিছপুৰ থানাত এই সম্পৰ্কে এজাহাৰ দাখিল কৰা হয়। শিল্পী সমাজৰ প্ৰতিবাদকাৰী গোটৰ উপৰিও সদৌ অসম একত্ৰিত যুৱ পৰিষদেও একে অভিযোগত পৃথক গোচৰ ৰুজু কৰে। দিছপুৰ আৰক্ষী থানাত ২৬১/২৫ নম্বৰত ন্যায় সংহিতাৰ ২৯৬, ৩৫২, ৩৫৬(২), ৩৫১ আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৬ ধাৰাত গোচৰ ৰুজু কৰা হয়৷ উল্লেখযোগ্য যে, ঋতু কলিতাই ফেচবুকত অসমৰ কণ্ঠশিল্পীসকলৰ বিহু উদযাপনৰ সৈতে জড়িত সামাজিক আৰু সাংস্কৃতিক প্ৰতিমূলক কথাকেন্দ্ৰিক কৰি সমালোচনা আগবঢ়োৱাৰ সময়ত অশালীন শব্দৰ ব্যৱহাৰ কৰা বুলি অভিযোগ উঠে। এই মন্তব্যই শিল্পী সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, যাৰ ফলত আইনী কাৰ্য্যৰ অগ্ৰসৰ হয়। বৰ্তমান ঋতু কলিতাক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে।