
গুৱাহাটীঃ স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ।
হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ জনায় অখিল গগৈয়ে।
ইফালে সংবাদ মাধ্যমৰ সন্মুখতো স্মাৰ্ট মিটাৰৰ লুণ্ঠনক লৈ সৰৱ হৈ পৰে অখিল গগৈ।
উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল বঢ়া নাই, বৰং কমিছেহে বুলি মন্তব্য কৰিছিল।
যোৱা বছৰৰৰ একে মাহৰ বিদ্যুৎ বিলৰ সৈতে এতিয়াৰ বিদ্যুৎ বিল তুলনা কৰিলেহে প্ৰকৃত সত্য জানিব পৰা যাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই।
ইয়াৰ পিছতে আজি বিধানসভা চৌহত এই বছৰৰ মে, জুন মাহৰ বিদ্যুৎ বিল ২০২২, ২০২৩ বৰ্ষৰ একে মাহৰ বিদ্যুৎ বিলৰ সৈতে তুলনা কৰি দেখুৱায় বিধায়ক অখিল গগৈয়ে।
অখিল গগৈয়ে কয়, ”২০২৪ চনৰ মে’ মাহত আমাৰ স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল আহিছে ৬০৭০ টকা। যোৱা বছৰ বা তাৰ আগৰ বছৰ ঘৰত যিকেইটা বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, সেই কেইটা বৈদ্যুতিক সামগ্ৰীয়েই এতিয়াও ব্যৱহাৰ কৰা হৈছে। ২০২২ চনৰ মে’ মাহত বিদ্যুৎ বিল আহিছিল ৪০৪৪ টকা আৰু ২০২৩ চনৰ মে’ আহিছিল ৩০১২ টকা। তেতিয়ালৈকে স্মাৰ্ট লগোৱা হোৱা নাছিল। অৰ্থাৎ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত দুগুন বিল আহিছে।’’
একেদৰে জুন মাহৰ তুলনা উল্লেখ কৰি অখিল গগৈয়ে কয় যে ২০২২ চনৰ জুন মাহত বিদ্যুৎ বিল আহিছিল ৪,৯৯৯ টকা। কিন্তু ২০২৪ চনৰ জুন মাহত আহিছে ৭,১০১ টকা।
উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ নাগৰিক। এনে সময়তে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত আভুৱা ভাৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে মে’-জুন-জুলাই মাহত বিদ্যুৎ বিল বেছি আহেই, অক্টবোৰৰ পৰাহে বিদ্যুৎ বিল কমিব।