
ৰাজ্যখনৰ অনুসূচিত জাতিৰ লোকসকলৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে শেহতীয়াকৈ বৰাক উপত্যকাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈছে৷ ইতিমধ্যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এটা কেন্দ্ৰীয় প্ৰতিনিধি দলে বৰাক উপত্যকাত বাহৰ পাতি বৰাকৰ তিনি জিলাৰ অনুসূচিত জাতিৰ বিভিন্ন প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক আদিৰ সৈতে আলোচনাত মিলিত হয়৷ প্ৰায় এটা সপ্তাহ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটোৰে কাছাৰ জিলাৰ শিলচৰস্থিত আৱৰ্ত ভৱনত বাহৰ পাতি বৰাক উপত্যকাত কেইবা শ লোকে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি কৰি থকাৰ লগতে মেডিকেলৰ ছাত্ৰ, গৱেষক ছাত্ৰই ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি থকাৰ বিষয়টো বৰাক উপত্যকাৰ অনুসূচিত জাতিৰ লোকসকলে অভিযোগ অনা বুলি জানিব পৰা গৈছে৷ বিভিন্ন দল-সংগঠন, নেতৃস্থানীয় লোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত ৮ জুলাইত শিলচৰস্থিত আম্বেদকাৰ ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ শ্ৰীভূমি, কাছাৰ আৰু হাইলাকান্দি জিলাৰ শতাধিক অনুসূচিত জাতিৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ সভাত বৰাক উপত্যকাত ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰা অনা-অনুসূচিত জাতিৰ লোকসকলৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনক অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰয়োজনত আদালতৰ কাষ চপাৰ হুংকাৰ দিয়ে৷ সাধাৰণ সভাত উপস্থিত থকা কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে বৰাকৰ অনুসূচিত জাতিৰ লোকসকলে কেনেদৰে বঞ্চিত হৈ আহিছে তাৰ বৰ্ণনা দিয়ে৷ বৰাকৰ অনুসূচিত জাতিৰ লোকসকৰ ভূমি পট্টা সমস্যাকে ধৰি আন কেইবাটাও সমস্যাৰ হকে যুঁজ দিয়াৰ সংকল্প লয়৷ কেন্দ্ৰীয় প্ৰতিনিধি হৈ যোৱা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু উপদেষ্টা পবিত্ৰ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ সভাত বৰাক ভেলী সমন্বয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়৷ সভাপতি সঞ্জীৱ দাসে কয় যে আমি বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে আলাপ-আলোচনাত মিলিত হৈ অৱগত হ’লো যে বৰাক ভেলীৰ অনুসূচিত জাতিৰ লোকসকল বঞ্চিত হৈ আহিছে৷ আৰ্থিক অৱস্থা অত্যন্ত দুখলগা৷ বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ বঞ্চিত লোকসকলৰ অধিকাৰৰ হকে যুঁজিবলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ বৰাক ভেলী সমন্বয় সমিতি গঠন কৰা হ’ব আৰু এই সমিতিয়ে সমস্যাসমূহৰ হকে মাত মাতিব৷