
আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা ৯ লাখ ৩৫ হাজাৰ ৬৮২ গৰাকী লোকে এতিয়া লাভ কৰিব আধাৰ কাৰ্ড। এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে ১৫ দিনৰ ভিতৰতে এইসকল লোকে আধাৰ কাৰ্ড লাভ কৰিব। উল্লেখ্য যে, এন আৰ চিৰ বায়’মেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এইসকল লোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বন্ধ হৈ থকা বাবে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এইসকল লোক।
মুখ্যমন্ত্ৰীয়ে কয়, এইসকলৰ লোকৰ এন আৰ চিৰ সৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই। এন আৰ চিত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড। ভাৰত চৰকাৰে এইসকল লোকক আধাৰ কাৰ্ড দিয়াৰ অনুমতি দিছে। ভাৰত চৰকাৰে UIDAIক আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিছে। এন আৰ চি আৰু আধাৰ কেন্দ্ৰ এটা হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল।
মুখ্যমন্ত্ৰীয়ে কয় যে বহু দিনৰ মূৰত এটা সমস্যাৰ সমাধান হৈছে। আধাৰ কাৰ্ড হোৱাৰ পিছত ৰেচন কাৰ্ডো পাব। আজি লোকসেৱা ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্লক হৈ থকা আধাৰ কাৰ্ড কেন্দ্ৰই খুলি দিয়াৰ কথা সদৰি কৰে।