
প্ৰায় ৪ বছৰ পূৰ্বে বৈকুণ্ঠগামী হোৱা এগৰাকী বিশিষ্ট ভাষা-সাহিত্যৰ সাধক, ভাষাবিদ, বৈয়াকৰণিক, গৱেষকক ঘোৰ অপমান কৰিছে ৰাজ্য চৰকাৰে৷ অসম চৰকাৰে আজীৱন শিক্ষকতা কৰাৰ লগতে অসমৰ ভাষা-সাহিত্যৰ সাধনা কৰা এগৰাকী মনীষীক ইতিকিং কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰয়াত লেখত ল’বলগীয়া অসমীয়াক অসম চৰকাৰে প্ৰকাশ কৰা এক সমিতিত ১০ নং স্থানত নাম উল্লেখ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰা আৰু ভাষা-সাহিত্যৰ সাধক, ভাষাবিদ, বৈয়াকৰণিক, গৱেষক প্ৰয়াত ড০ ৰমেশ পাঠকৰ নাম ইউনিকোডৰ গৱেষণা আৰু প্ৰতিবেদন যুগুত কৰিবলৈ গঠন কৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সমিতিত আছে৷ সেয়াও ১০ নং স্থানত এই নাম উল্লেখ কৰা হৈছে৷ কোনো যদু-মধুৰ দৰেই ভাষা-সাহিত্যৰ সাধক, ভাষাবিদ, বৈয়াকৰণিক, গৱেষকৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ এগৰাকী প্ৰয়াত বিশিষ্ট লোকৰ নামক লৈ ইমান দায়িত্বহীন কিয় অসম চৰকাৰ৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অসমীয়া ভাষাৰ ইউনিকোডৰ গৱেষণা আৰু প্ৰতিবেদন যুগুত কৰিবলৈ গঠন কৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগে এগৰাকী বিশিষ্ট অসমীয়া জীৱিত আছে নে নাই সেই কথা নাজানে৷ অসমীয়া জাতিৰ শিপাডালৰ সৈতে সম্পৰ্ক নথকা, লোক-সংস্কৃতিৰ আওভাও নজনা লোকে চলাইছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ৷ যিগৰাকী মহান অসমীয়া ২০২১ চনৰ ২৬ জানুৱাৰীত ৭৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল৷ ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি ২০০১ চনৰ ১ মে’লৈ শিক্ষকতা কৰিছিল৷ ২০০৬ চনৰ পৰা ২০১০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ, ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰিছে। ড০ পাঠক গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ গাইড হিচাপে সেৱা আগবঢ়াইছে৷ ভাষাটোৰ শ্ৰী বৃদ্ধিৰ হকে অলেখ আলোচনা চক্ৰ, অলেখ গৱেষণা, লেখা-মেলা কৰি বিশিষ্ট অসমীয়াগৰাকী জীৱিত আছে নে নাই সেই কথা অসম চৰকাৰে নাজানে৷ ইয়াতকৈ লজ্জাজনক কথা হয়তো অসমীয়া জাতিৰ বাবে নাথাকিব৷ হিন্দুত্ববাদৰ নামত নিতৌ উত্তৰ ভাৰতৰ সংস্কৃতিক আকোৱালি লোৱা অসম চৰকাৰে অসমীয়া জাতিৰ হকে আহোপুৰুষাৰ্থ কৰা বিশিষ্ট অসমীয়াৰ চিন-মোকাম পাহৰি গৈছে৷ যাৰ বাবে এগৰাকী প্ৰয়াত লোকক ইউনিকোডৰ গৱেষণা আৰু প্ৰতিবেদন যুগুত কৰিবলৈ গঠন কৰা সমিতিত নাম সন্নিৱিষ্ট কৰিছে৷ ইমানে নহয় কোনো যদু-মধুৰ দৰে তালিকাৰ একেবাৰে শেষত ১০ নং স্থান দিছে৷ উল্লেখ্য যে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছৰে পৰা ৰাজ্য চৰকাৰে ইউনিকোডৰ স্বীকৃতিৰ বাবে কাম কৰি আছে৷ অসমীয়া ভাষালৈ ইউনিকোডৰ স্বীকৃতিৰ বাবে বহু অসম মাতৃৰ সন্তানে কাম কৰি আছে। তাৰ মাজতে ইউনিকোডৰ গৱেষণাৰ জৰিয়তে প্ৰতিবেদন সাজু কৰিবলৈ বিশেষ সমিতি গঠন কৰিছে ৰাজ্য চৰকাৰে। ১৭ জনীয়া সমিতি গঠন কৰা হৈছে। সাংস্কৃতিক সঞ্চালকক আহ্ৱায়ক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কুলধৰ শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দয়ানন্দ পাঠক, অধ্যাপক শিখৰ শৰ্মা, বিশেষ মুখ্য সচিব এম.কে যাদৱ, প্ৰৱক্তা ড০ সত্যকাম ফুকন, পাণবজাৰ গীৰ্জাৰ পেষ্টৰ আজিজুল হক, ড০ ভাস্কৰ জ্যোতি শৰ্মা, অম্বেশ্বৰ গগৈ, এমট্ৰনৰ দ্বীপেন কাকতি, মনোজ বৰুৱা, পংকজজ্যোতি হাজৰিকা, বিভাগৰ যুটীয়া সম্পাদক আৰু উপ-সচিবক লৈ সমিতি গঠন কৰা হৈছে৷