
গুৱাহাটীঃ বাংলাদেশত ক্ৰমবৰ্ধমান ৰাজনৈতিক সংকটৰ প্ৰতি সঁহাৰি জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰে যে অশান্ত চুবুৰীয়া দেশৰ পৰা কেৱল ভাৰতীয় পাছপ’ৰ্টধাৰীকহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব, আৰু সেয়াও নিৰ্দিষ্ট প্ৰৱেশ পইণ্টৰ জৰিয়তে।
সিঙে কয়, “আমাৰ ফালৰ পৰা এই দিশটো অতি স্পষ্ট যে আমি কাকো ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ নিদিওঁ। অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশত অধ্যয়ন কৰি আছে। যোৱা মাহত অসমৰ ৬০ জন ছাত্ৰ-ছাত্ৰীকে ধৰি ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী বাংলাদেশৰ পৰা উভতি আহিছিল। আমি কেৱল ভাৰতীয় পাছপ’ৰ্টধাৰীকহে অসমত প্ৰৱেশৰ অনুমতি দিম, আনহাতে আমি আনক ৰাজ্যত প্ৰৱেশ কৰিবলৈ নিদিওঁ।’
“যোৱা তিনিদিন ধৰি আমি নিয়মিতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আহিছো। তাত (বাংলাদেশ) যেতিয়া অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি লগে লগে সকলো এছ পিৰ সৈতে ভিডিঅ’ কনফাৰেন্স পাতিছিলো, বি এছ এফৰ জ্যেষ্ঠ বিষয়াৰ সৈতেও ভিডিঅ’ কনফাৰেন্সিং বৈঠক অনুষ্ঠিত কৰিছিলো। সেই ভিডিঅ’ কনফাৰেন্সত বাংলাদেশৰ সৈতে সীমা ভাগ কৰা অসমত আমাৰ চাৰিখন জিলা – কাছাৰ, কৰিমগঞ্জ, ধুবুৰী, আৰু দক্ষিণ শালমাৰাক লৈ বিশেষ সতৰ্ক হ’বলৈ বি এছ এফক নিৰ্দেশ দিয়া হৈছে।’ -আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে কয়।
সিঙে আৰু সকীয়াই দিয়ে যে ৰাজ্যখনত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু সীমান্তত এতিয়া কঠোৰ দৃষ্টি ৰখা হৈছে। ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ পূর্বে তিনিচুকীয়া জিলাত অনুষ্ঠিত নিৰাপত্তা পর্যালোচনা বৈঠকৰ সময়ত এই মন্তব্য কৰে ৰাজ্যৰ ডিজিপি গৰাকীয়ে।