ভৱেশ কলিতাৰ ব্যৱসায়ীক সংগী ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পতাৰ যো-জা!

কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বিজেপিত সকলো ঠিকেই নাই৷ বিজেপিত এতিয়া এটা পদবীক লৈ চলিছে খোৱা-কামোৰা৷ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক পদৰ পৰা আতৰোৱাৰ পাছতে নতুন সভাপতি নিয়োগ কৰিবলৈ যোৱাত বিজেপি দলত লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে৷ এটা লবীয়ে যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ উত্থানক ভেটা দিবলৈ ব্যৰ্থ হোৱাৰ পিছতো যুৱ মৰ্চাৰ সভাপতি পদটোত সিদ্ধাংকু অংকুৰ বৰুৱাক ৰাখিব নোখোজে৷ এটা লবীয়ে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাক সভাপতি পদত অধিষ্ঠিত কৰাৰ দাবী জনাই আহিছে৷ লবীকেন্দ্ৰিক এই ৰাজনীতিৰ মাজতে বিজেপিৰ আভ্যন্তৰীণ গণতন্ত্ৰক ভৱেশ কলিতাই ভৰিৰে মোহাৰিছে বুলি অভিযোগ উঠিছে৷ বিজেপিৰ ভিতৰুৱা সূত্ৰই জনোৱা মতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেওঁৰ ব্যৱসায়ীক সংগী তথা ঘনিষ্ঠ ৰাকেশ দাস নামৰ যুৱক এজনক সভাপতি পদত বহুৱাব খুজিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পদত বহুৱাবলৈ উঠি-পৰি লাগিছে৷ কিন্তু কিছুদিন আগলৈকে বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাথমিক সদস্যও নাছিল ৰাকেশ দাস৷ ভৱেশ কলিতাৰ বিভিন্ন ব্যৱসায় চোৱা-চিতা কৰা সূত্ৰেই যুৱ মৰ্চাৰ সভাপতি পদত বহুৱাব খোজা হৈছে ৰাকেশ দাসক৷ এই দাবী কৰিছে বিজেপিৰ এটা সূত্ৰই৷ কেৱল ভৱেশ কলিতাৰ ঘনিষ্ঠ তথা ব্যৱসায়ীক সংগী হোৱাৰ সুবাদতে এইবাৰ ৰাকেশ দাস নামৰ ঢাল-তৰোৱালহীন নিধিৰাম চৰ্দাৰক যুৱ মৰ্চাৰ সভাপতি পাতিব খোজা হৈছে বুলি বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷

এনে টোঘলকী কাণ্ডত দলটোৰ একাংশ নেতা-কৰ্মী নাৰাজ হৈ পৰাৰ ফলতেই এখোজ আগুৱাই এখোজ পিছুৱাই আহিবলৈ বাধ্য হৈ পৰিছে ভৱেশ কলিতা৷ বিগত লোকসভা নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিত বিজেপি পৰাজিত হোৱাৰ পাছতে যুৱ মৰ্চাৰ ভিতৰচ’ৰাতেই সভাপতি পদৰ পৰা সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰোৱাৰ দাবী উত্থাপিত হৈছিল৷ কিয়নো সিদ্ধাংকু অংকুৰ বৰুৱাই যোৰহাট সমষ্টিত নিজৰ বুথতে বিজেপিৰ প্ৰাৰ্থীৰ ভোট বৃদ্ধি কৰিব নোৱাৰিলে৷ ইয়াৰ পিছতে প্ৰাক্তন আছু নেতা, যুৱ আয়োগৰ সদস্য তথা বিজেপিৰ সক্ৰিয় নেতা ঋষিৰাজ হাজৰিকাক সভাপতি পদত অধিষ্ঠিত কৰিবলৈ কুচকাৱাজ চলিছিল যদিও সভাপতি ভৱেশ কলিতাই নিজৰ ব্যৱসায়ীক সংগী ৰাকেশ দাসক সভাপতি পদত বহুৱাবলৈ উঠি-পৰি লগাত এতিয়া বিজেপিৰ ভাতৃ সংগঠনটো লবীকেন্দ্ৰিক ৰাজনীতিত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে৷ ইফালে, ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পাতিবলৈ ওলাইছে বুলি খবৰ প্ৰচাৰ হোৱাৰ পিছতে একাংশ মন্ত্ৰী-বিধায়কেও ইয়াৰ বিৰোধিতা কৰা বুলি জানিব পৰা গৈছে৷ অভিযোগ অনুসৰি এইগৰাকী ৰাকেশ দাসক আজিলৈ যুৱ মৰ্চাৰ সভা-সমিতি তথা কাৰ্যসূচীত কোনেও দেখা নাই৷

এবিভিপি কৰা কালত ৰাকেশ দাসে বিত্তীয় কেলেংকাৰী কৰিছিল বুলিও অভিযোগ উঠিছিল৷ যুৱ মৰ্চাৰ সভাপতি পদক লৈ এনেদৰেই এতিয়া বিজেপিত আৰম্ভ হৈছে শক্তি প্ৰদৰ্শনৰ খেল৷ কিয়নো সিদ্ধাংকু অংকুৰ বৰুৱা হৈছে সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ৷ আনহাতে ঋষিৰাজ হাজৰিকা হৈছে জয়ন্তমল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ৷ যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ অভাৱনীয় উত্থানৰ পৰিপ্ৰেক্ষিতত সিদ্ধাংকু অংকুৰ বৰুৱাক বিজেপিৰ শীৰ্ষমহলে দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ পৰামৰ্শ আগবঢ়াইছে যদিও ব্যৰ্থতা সত্বেও পদটো খামুছি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ শক্তি প্ৰদৰ্শনৰ এই খেলৰ মাজতে ৰাজ্যিক সভাপতি হৈয়ো দলৰ মজিয়াত দেখা দিয়া পুৰণি বিজেপি আৰু ন-বিজেপিৰ সংঘাত আজিকোপতি দূৰ কৰিব নোৱৰা ভৱেশ কলিতাই নিজৰ ব্যৱসায়িক সংগী ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পদত অধিষ্ঠিত কৰিব পাৰিব নে নোৱাৰে সেয়া লক্ষণীয় হ’ব৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক