
কংগ্ৰেছৰ শাসনত মহিলাসকলে চাকৰি পাবলৈ সতীত্ব হেৰুৱাব লগা হৈছিল” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছ এই মন্তব্যক অশালীন বুলি অভিহিত কৰি ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবৰ দাবী জনাইছে আৰু থানাত এজাহাৰ দাখিল কৰাৰ হুমকিও প্ৰদান কৰিছে।
এই প্ৰসংগত আজি নলবাৰীত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰীয়ে প্ৰত্যুত্তৰ দি কয়, “মন্তব্য মই কৰা নাই, কোৱা হৈছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন তদন্ত সমিতিৰ প্ৰতিবেদনত।” তেওঁ ৰাকেশ পালৰ মাতৃৰ সাক্ষ্যৰ উল্লেখ কৰি কয়, “মাকে কৈছে বেয়া কাণ্ড দেখি ঘৰ এৰি দিলোঁ। সেইখিনিও প্ৰতিবেদনত স্পষ্টকৈ লিখা আছে।”
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কয়, “বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়ক, তাৰ পিছতে মোক সময় দিয়ক। মোক ফাল্টু বুলি ভাবিছে নেকি। মোক ভয় দেখুৱাব নালাগে। মই যেতিয়া কেছ ঢালিম কংগ্ৰেছ বিলাক ক’ত যাব৷ মই মুখ্যমন্ত্ৰী হয়৷ নেদেখা কথা, নিলিখা কথা একো নকও৷ মই কংগ্ৰেছক ভয় নাখাও৷ মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো৷
নলবাৰী জিলাৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰীয়ে বিভিন্ন জনহিতৈষী আঁচনিৰ ঘোষণা কৰে। তেওঁ কয় —
-
এক অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল, চেনী, নিমখ বিতৰণ আৰম্ভ হ’ব।
-
উজ্বলা গেছ লোৱা পৰিয়ালসকলে ২৫০ টকাত চিলিণ্ডাৰ পাব।
-
শিক্ষা খণ্ডত নামভৰ্তিৰ বাবে কোনো প্ৰমাণপত্ৰ লাগিব নালাগে, কেৱল ৰেচন কাৰ্ড দেখুৱালেই হ’ব।
-
১০ হাজাৰ টকা জুন মাহত মহিলাসকলক প্ৰদান কৰা হ’ব।
-
বিজেপি পুনৰ চৰকাৰ গঠন কৰিলে মহিলাসকলক মোবাইল ফোন দিয়া হ’ব।
কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ
মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ চৰকাৰৰ সমালোচনা কৰি কয়, “কংগ্ৰেছৰ সময়ত লুঙি, ধুতি, সূতা আঠুৱা কম্বল দিছিল, আৰু সেইবোৰ দিওঁতেই দালালে টকা লৈছিল। সূতা ভাগৰ নামত মহিলাসকলক ঠগা হৈছিল।”
তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয়, “লুঙি-ধুতি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক হ’ব লাগিব। হাতৰ চিহ্নৰ সলনি লুঙিৰ চিহ্নত ভোট খেলা উচিত।”