
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে হোৱা বৰ্বৰতাৰ পিছত সমগ্ৰ দেশতে জ্বলিছে ক্ষোভৰ জুই।
দোষীক যাতে অতি সোনকালে শাস্তি দিয়া হয় তাৰ বাবে সমগ্ৰ দেশতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইফালে ভুক্তভোগী মহিলা চিকিৎসকগৰাকীৰ পিতৃয়ে অস্বীকাৰ কৰিছে কোনো ধৰণৰ আৰ্থিক ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ।
ভুক্তভোগী মৃত চিকিৎসকগৰাকীৰ পিতৃয়ে আৰ্থিক ক্ষতিপূৰণ ল’বলৈ অস্বীকাৰ কৰি কয় যে যদি তেওঁ কোনোধৰণৰ ধন লয়, তেন্তে তেওঁৰ মৃত কন্যাৰ আত্মাই কষ্ট পাব। তেওঁ মাথো কৰ্তৃপক্ষৰ পৰা ন্যায় বিচাৰে।
পিতৃয়ে কয়, ”ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ মই অস্বীকাৰ কৰিছো। ছোৱালীজনীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে যদি মই টকা লওঁ তেন্তে মোৰ ছোৱালীজনীক আঘাত দিয়া হ’ব। মই কেৱল ন্যায় বিচাৰো।’’
ইফালে এই ভয়ংকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বৃহস্পতিবাৰে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে। অৱশ্যে চিবিআইৰ সৈতে সাক্ষাৎকালত কি ধৰণৰ কথা-বতৰা হৈছিল সেই বিষয়ে ক’বলৈ অস্বীকাৰ কৰে ভুক্তভোগীৰ পিতৃয়ে। অৱশ্যে শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি চিবিআইয়ে পৰিয়ালক আশ্বাস দিছে বুলি তেওঁ কয়।
ইয়াৰ পূৰ্বে আজি পুৱা কলকাতা আৰক্ষীয়ে চিকিৎসালয় চৌহদত সংঘটিত হোৱা গণ হিংসাৰ সৈতে জড়িত ১৯ জন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আজি ছ’চিয়েল মিডিয়াত কলকাতা আৰক্ষীয়ে কয়, ‘আৰ জি কৰ হাস্পতালত উদ্ভণ্ডালিৰ গোচৰত এতিয়ালৈকে ১৯জনক গ্ৰেপ্তাৰ কৰা হৈছে।’
আনহাতে বৃহস্পতিবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে জাৰি কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি, চিকিৎসক ধৰ্ষণ-হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত ১৭ আগষ্ট শনিবাৰে পুৱা ৬ বজাৰ পৰা ১৮ আগষ্ট দেওবাৰে পুৱা ৬ বজালৈ সমগ্ৰ দেশতে আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসকে সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।