

ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ নাগৰিকক পুনৰবাৰ সতৰ্ক কৰিলে দেশখনৰ চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে আমেৰিকাৰ প্ৰশাসনে৷ ২৩ জুলাইত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাই৷ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ লগতে আমেৰিকাৰ নাগৰিকক উদ্দেশ্যে আমেৰিকাই কয় যে নিৰাপত্তাজনিত কাৰণত মণিপুৰ ভ্ৰমণ নকৰিব৷ জাতিগত হিংসাৰ ফলত মণিপুৰত সুৰক্ষাক লৈ চিন্তা ব্যক্ত কৰি এই নিৰ্দেশ দিছে আমেৰিকাই৷ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পোৱাত আমেৰিকা নাগৰিকক তালৈ নাযাবলৈ কয়৷ আমেৰিকা চৰকাৰে কয় যে পৰা পক্ষত জম্মু-কাশ্মীৰলৈ যাত্ৰা নকৰিব৷