মণিপুৰত চলিব ‘অপাৰেশ্যন অল আউট’, বিৰেন সিঙৰ বৈঠকলৈ নাহিল ১৮ বিধায়ক

গৃহ বিভাগৰ এটা সূত্ৰৰ উধৃতি দি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মণিপুৰত চলিব ‘অপাৰেশ্যন অল আউট একশ্যন প্লেন’৷ এই অভিযান ২৪ ঘণ্টাৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে৷ এই অভিযানত উগ্ৰপন্থী, উগ্ৰপন্থীৰ গোটৰ সমৰ্থক, অস্ত্ৰ যোগানধাৰী লক্ষ্য কৰি লোৱা হ’ব৷ এই অভিযানত অত্যন্ত কঠোৰ হ’ব পাৰে অৰ্ধসামৰিক বাহিনী৷ অভিযানৰ নেতৃত্ব দিব চিআৰপিএফে৷ কিন্তু ৰাজ্যিক আৰক্ষী আৰু অন্যান্য অৰ্ধসামৰিক বাহিনীয়ে সহায় কৰিব চিআৰপিএফক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ জৰুৰী বৈঠকৰ পাছতে এই সিদ্ধান্ত লয়৷ কিন্তু শ্বাহৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন্দ্ৰ সিঙক৷ অস্থিৰ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিসম্বাদ কৰাৰ লগতে বিজেপিৰ কুকি বিধায়সকলে বিসম্বাদ কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বৈঠকলৈ আমন্ত্ৰণ জনোৱা নাই৷ মুখ্যমন্ত্ৰী সিঙৰ পৰা ফলৰি কাটিছে কুকি বিধায়সকল৷ কিয়নো খোদ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা বৈঠকলৈ নাহিল ১১ কুকি বিধায়ক৷ সোমবাৰে নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত অনুষ্ঠিত কৰা হয় বিধায়কৰ জৰুৰি বৈঠক৷ বিধায়ক উপস্থিত নথকাৰ কাৰণতহে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ বৈঠক চৰ্চালৈ আহিছে৷ বৈঠকত শাসকপক্ষত থকা ৪৫ গৰাকী বিধায়কৰ ভিতৰত ১৮জন বিধায়ক অনুপস্থিত আছিল। তাৰে এজন হৈছে মন্ত্ৰী। দুদিন পূৰ্বে বিজেপিৰ মিত্ৰদল নেচনেল পিপলছ পাৰ্টিয়ে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। এনপিপিৰ এই ৭ বিধায়কো বৈঠকত উপস্থিত নাছিল৷ অসুস্থতাৰ উদ্ধৃতি দি বিধায়ক উপস্থিতি নথকাত চৰকাৰৰ বৰ্তি থাকিব নে নাই তাকে লৈ চৰ্চা হ’ব ধৰিছে৷ অনুপস্থিত বিধায়কৰ ভিতৰত ১০ জনেই কুকি বিধায়ক৷ মুখ্যমন্ত্ৰীৰ বৈঠক বয়কট কৰা মন্ত্ৰীসহ ১১ বিধায়কক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে৷ কিন্তু বৈঠকত পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ এন বীৰেন সিঙে বৈঠকত সংঘাত ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। মণিপুৰত পুনৰ সশস্ত্ৰ বাহিনীৰ বিশে, ক্ষমতা আইন জাপি নিদিবলৈ কেন্দ্ৰক আহ্বান জনায়৷ এই সম্পৰ্কত কেন্দ্ৰক পুনৰীক্ষণৰ আহ্বান জনোৱাৰ প্ৰস্তাৱ লয় বৈঠকে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সিদ্ধান্তক পুনৰীক্ষণৰ বাবে আবেদন জনাব। জিৰিবামৰ কেঁচুৱাসহ ছয় মহিলাক হত্যা কৰাত কুকি উগ্ৰপন্থীকে জগৰীয়া কৰি ৭ দিনৰ ভিতৰত কুকি উগ্ৰপন্থীক অবৈধ ঘোষণা কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে বৈঠকে। ইপিনে আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ নেতৃত্বত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকি, মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ, মণিপুৰৰ সাংসদ এ বিমোল আকোইজাম, এআইচিচিৰ কাৰ্যবাহী সদস্য নিঙ্গোমবাম ভূপেন্দ্ৰ মেইটেয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জন খাৰ্গেক সাক্ষাৎ কৰে৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনাত মিলিত হৈ প্ৰতিনিধি দলটোৱে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে খাৰ্গেক অৱগত কৰে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে